ভোগালী

অপেক্ষাৰ অন্ত পেলাই
আকৌ আহিল ভোগালী
এগালমান আশা লৈ,
শীতৰ তিমিৰ নাশি
সুৰুযক বাট দেখুৱাবলৈ,
কৃষকৰ সপোনক প্ৰতিদান দিবলৈ,
ঢেঁকীৰ মাতেৰে আলোড়ন জগাবলৈ,
অনলক এধানি ৰং সানিবলৈ,
সমন্বয়ৰ সেতুডাল দৃঢ় কৰিবলৈ,
তই আকৌ আহিলি...ভোগালী
পিছে মইহে তোক একো দিব নোৱাৰিম
মোৰ উকা হৃদয়খনৰ বাহিৰে...
তোৰ বাবে থকা সীমাহীন হাবিয়াসেৰে
আগৰ দৰেই ৰং বুটলি ৰ'ম ...

~ মনোজ




Comments