সেই চৰাইজাক...

ভোগালীৰ এই হিমচেচাঁ সন্ধিয়াবোৰ । কুঁৱলীৰ বগা চাদৰেৰে ৰক্তিম সুৰুযক আৱৰি লোৱাৰ পৰত, সিহঁতক মই সদায় লগ পাওঁ । পথাৰত গৰুকেইটাৰ হেম্বেলনিয়ে ঘৰ উভতিবৰ উমান দিয়ে আৰু মইও কুঁৱলীৰ বাট নেওচি ফিৰফিৰিয়া বতাহছাঁতিক আওকান কৰি খৰ খোজেৰে পথাৰৰ সৰু অলিটোৰে আগবাঢ়ো । তেতিয়াই সেই চৰাই জাকটো দিনটোৰ আলোচনাবোৰৰ অন্ত পেলাই উৰা মাৰে নিজৰ ঠাইখনলৈ । সিহঁতৰ মনবোৰ উন্মুক্ত, ভোগালীৰ ৰ'দ কাঁচলিৰ দৰে নহয়, চেগাচোৰোকা । মনৰ ভাৱবোৰে অট্টালিকা নাসাজে । ভাল লাগে সেইবাবে চৰাইজাক । আজিও বিদায় লৈছিল গাঁওখনৰ সিপাৰলৈ এক নতুন উন্মাদনাৰে...

.
.
~ মনোজ

Comments