উদং

ভোগালীৰ এটা নিজম দুপৰীয়া । সাৰ-সুৰ নাই । আকাশখনো একেবাৰে শান্ত । বিশাল পথাৰখনৰ এমুৰত এখন মজলীয়া বাঁহৰ হাবি । বতাহ এছাটি বলি আছে । এই বতাহছাঁটি আৰু বাঁহৰ সমন্বয়ত মাজে মাজে সৃষ্টি হোৱা এটি কেৰ-কেৰনি শব্দৰ বাহিৰে গোটেই পৰিবেশটো একেবাৰে নিতাল মাৰি আছে । এনে লাগিছে ভোগালীৰ সকলো আনন্দ উল্লাসৰ অন্ত পৰিল আৰু এতিয়া সকলো নিদ্ৰামগ্ন । বিস্তীৰ্ণ পথাৰখনৰ সিপাৰে মনিব নোৱাৰা পৰ্যন্ত কেৱল বিৰিণাৰ জোপোহাবোৰৰ অবাধ বিচৰণ । একাজলি চঞ্চল ৰ'দালীয়েও মেঘৰ আৰে আৰে প্ৰকৃতিক এবাৰ চাই গৈছে । তেনেতে, এক ৰহস্যময় আৰ্তনাদে নিস্তব্ধতা ভংগ কৰিলে । এক অদ্ভুত চিৎকাৰ;  আগতে হয়তো কেতিয়াও হোৱা নাছিল । এজোপা গছৰ কৰুণ বিননি , 'আজি মোৰ উদং বুকুত কোনে জিৰাব ! দুহাত মেলি কাক সাৱটি ল'ম !'  এক অনন্য অস্থিৰতাই বিৰাজ কৰিলে । কেইটামান শালিকাই আহি গছজোপাক কিছু সান্তনা দিলেহি । আৰু তাৰ শুকান বাহুদুটাত বহি ইডালি-সিডালি কৰিলে । কিন্তু,  এজাক ভণ্ড বৰ-টোকোলাই আগৰদৰেই গছজোপাক দি গ'ল এটা মলিয়ন দাগ । হয়, আজি সচাকৈয়ে মৃত্যু ঘটিল গছজোপাৰ । এয়াই আছিল তাৰ জীৱনৰ কৰ্মৰ প্ৰতিদান । লাহে লাহে অস্থিৰতাবোৰ দূৰ হ'ল ; গাঁওখন আগৰ দৰেই নিস্তব্ধ হৈ পৰিল, একো যেন সলনি নহ'ল ...


~ মনোজ

Comments