গণতন্ত্ৰৰ বিৰহগীত

লিখিবলৈ শব্দ বিচাৰি দিন বাগৰিছে
গণতন্ত্ৰৰ বিৰহগীত কোনেনো শুনিছে,
নেতা-পালিনেতাৰ ৰাজনীতিৰ মেৰপাকে
আমালৈ হকে-বিহকে কেৱল শংকা ঠেলিছে;
মই সুধিলোঁ, 'তই হেনো কি পালি অ' মোৰ দেশ
নাইকিয়া হৈ যাব মোৰ গৰিমা এৰি পেলা এই ছদ্মবেশ

কোনে কাক মাৰিছে, কিয়নো কান্দিছে
ধৰ্মৰ আঁৰত সত্য হেৰুৱাইছে
তই কোন, মই কোন কেৱল নামৰ মহিমা
বিকাশ নাথাকিলে ভুৱা বাতৰিৰ খেলা ।

বাক-স্বাধীনতাৰ যেন হাহাকাৰ হৈছে
মানৱতাৰ ঈৰ্ষাই খুলি খুলি খাইছে,
মই সুধিলোঁ, 'তই হেনো কি পালি অ' মোৰ দেশ
আল্লাহ ভগবান এৰি মানুহ হ'
নহলে মই হৈ যাম শেষ'
দেশৰ জয় হওঁক
গণতন্ত্ৰৰ জয় হওঁক...
                                    - নয়নদ্বীপ কলিতা

Comments