বিষণ্ণতা
আবেলিৰ ঢলি পৰা বেলিটিয়ে আকাশৰ সীমনাত এতিয়া শেষ ৰং সনাত ব্যস্ত । এটা বিষণ্ণ মন লৈ কোঠাটোলৈ সুমাই গ'লো । এক বুজাব নোৱাৰা অনুভূতিত আজি দগ্ধ মই । ৰাস্তাৰ কাষৰ আঁঁহতজোপাৰ প্ৰত্যাহ্বানক নেওচি অহা এটি পোহৰৰ জিলিকনিয়ে কোঠাটোৰ খিৰিকীখনৰ মাজেৰে লুকাভাকুৰ সৃষ্টি কৰিছে । মোৰ শেঁতা মুখ-মণ্ডলত কিবা এটা আঁকি যাবলৈ অপ্ৰাণ চেষ্টা চলাইছে । উদ্বিগ্ন ন'হলো মই ! কাৰণ, এই ক্ষন্তেকীয়া ৰহণ মোৰ ভাল নালাগে । কিছুসময়ৰ পিছতেই এই চঞ্চল পোহৰৰ আবেশ বিলীন হৈ পৰিব নিশাৰ ঘোৰ অন্ধকাৰত । আৰু নিশাটোও গহীন হৈ পৰিব কাষৰ হাবিখনৰ পৰা অহা জিলিৰ অহৰহ আৰ্তনাদত । ভাল-বেয়া, সুখ-দুখ, পোৱা-নোপোৱা, মিলন-বিচ্ছেদ; জীৱনত এই সকলোবোৰ আছে । আৰু এই সকলোবোৰ অস্থায়ী । একেদৰেই নাথাকে । এই যে আকাশখন; আজি যদি ৰ'দৰ গান গাইছে, কাইলৈ হয়তো বৰষুণেৰে লৈ আনিব বেদনা; এই পথাৰখন; আজি যদি ৰুক্ষ, কাইলৈ আকৌ সজীৱ হৈ পৰিব; আজি এই হাঁহি-ধেমালি, মৰম-চেনেহেৰে উপচি থকা ঘৰখনত কাইলৈ কোনোবা থাকিবনে, ৰঙবোৰ বিলাবলৈ ! এই ৰাস্তাটো, হাবিখন, একেদৰেই থাকিবনে ? এদিন সকলো বিলীন হৈ পৰিব সময়ে বান্ধি দিয়া নিয়মৰ মাজত । যি আমি ইচ্ছা কৰিও সলাব নোৱাৰো । সেইদিনাও হয়তো কাৰোবাৰ, এটি পোহৰৰ জিলিকণিৰ সন্ধান থাকিব; পিছে তাক পোৱাৰ নিশ্চয়তা কোনেও দিব নোৱাৰিব ! এই সকলোবোৰৰ অন্তত ভাঁহি ৰ'ব অতীতৰ কিছুমান স্মৃতি, কিছুমান প্ৰতিশ্ৰুতি, যিবোৰ হয়তো পূৰণ হ'ব নতুবা তাৰ আশাতেই হেৰাই যাব । কথাবোৰ ভাৱি থাকোতেই কেতিয়া এই আবেলিটি এন্ধাৰত পতিত হ'ল গমেই নাপালোঁ । আৰু, মইও কোঠাটোৰ পৰা ওলাই আহিলোঁ অলপ পোহৰ বিচাৰি...
~ মনোজ
Comments
Post a Comment