এটি বিমৰ্ষ দুপৰীয়া

এটা বৃহৎ শব্দ কৰি মাটি কঢ়িওৱা ট্ৰাক দুখন গাঁওখনৰ জৰাজীৰ্ণ পকী ৰাস্তাটোৰে পাৰ হৈ গ'ল । শীতৰ এই দুপৰীয়াটোৰ মৌনতা ভংগ হ'ল আৰু গোটেই পৰিৱেশটো ধূলিৰে আৱৰি ধৰিলে । আজি ৰাতিপুৱাৰে পৰা প্ৰায় আধাঘণ্টাৰ মূৰে মূৰে এই  ট্ৰাকবোৰ গাঁওখনৰ সীমূৰৰ পৰা অহা যোৱা কৰি আছে । সেই নামঘৰ চুকৰ ধনীৰাম মাউতৰ একমাত্ৰ ল'ৰা প্ৰবীণে যোৱাকালি চাকৰিৰ পৰা এমাহৰ চুটি লৈ ঘৰলৈ আহিছে ; যোৰহাটৰ এখন চাহ-বাগানৰ চাকৰি । আৰু গাঁৱৰ পৰা নিলগত কেইদিনমান পূৰ্বে কিনি থোৱা মাটিত নতুন এটা ঘৰ সাজিবলৈ মন মেলিছে ; এয়া তাৰেই প্ৰস্তুতি চলিছে । বহু বছৰৰ আগৰ কথা ; ধনীৰামে মাউতৰ প্ৰশিক্ষণ লৈ কেইদিনমান তাৰ কামত নিয়োগ হৈছিল । কিন্তু, তাৰ কিছু পঢ়া-শুনা থকাৰ বাবে গাঁৱত নতুনকৈ নিৰ্মান কৰা মজলীয়া বিদ্যালয়খনত অসমীয়াৰ শিক্ষক হিচাপে কিছুদিন পিছতেই নিযুক্তি পালে । কেইবছৰমান অবৈতনিক ভাৱে চাকৰি কৰিছিল যদিও নিৰ্মলাক বিয়া কৰি অনাৰ পিছতেই সুখৰ মুখ দেখিছিল আৰু তাৰ পিছৰ বছৰতেই জন্ম হৈছিল প্ৰবীণৰ । আজি দুবছৰমান আগেই ধনীৰাম প্ৰধানশিক্ষক পদত অৱসৰ গ্ৰহণ কৰে । যদিও শিক্ষক হিচাপে জীৱনটো উচৰ্গা কৰিছিল, তথাপি গাঁৱৰ মানুহে 'ধনী'ক "মাউত" বুলিহে বেছিকৈ সম্বোধন কৰে ।  এতিয়া তাৰ ল'ৰা প্ৰবীণেও সংসাৰ পাতি ঘৰ সজাৰ যো-জা চলাইছে । মুঠতে ধনীৰামৰ সকলো সপোন, সকলো আশা পূৰ্ণ হৈছে । জীৱনে ভাটি দিয়া এই সময়ত পুত্ৰ-সন্তানৰ পৰা যি বিচাৰিছিল 'ধনী'য়ে সকলোখিনি পাইছে ।
      ট্ৰাকদুখন মালিনীহঁতৰ ঘৰৰ আগেৰে পাৰ হৈ গ'ল । সিহঁতৰ চোতালৰ গোলাপ কেইজোপাৰ ওপৰেৰে চঞ্চল মনেৰে উৰি ফুৰা দহিকতৰাটোয়ে কিছুসময় স্থিৰ হৈ ইফালে-সিফালে চালে ; তাৰপিছত আকৌ আত্মবিভোৰ হৈ পৰিল । ৰাস্তাটো এই বেঙেনাবাৰী গাঁওখনৰ ঠিক সো-মাজেদিয়েই পাৰ হৈ গৈছে । ৰাস্তাৰ এফালে বিস্তীৰ্ণ পথাৰখন আৰু আনটো ফালে মানুহৰ ঘৰবোৰ । একেৰাহে তিনিবাৰকৈ অহা বানপানীয়ে গাঁৱৰ মানুহৰ অতি কষ্টৰে কৰা শালি, আহুখেতিৰ প্ৰবল অনিষ্ট কৰিলে । কেৱল এইবছৰেই নহয়, প্ৰতি বছৰে, যেন এই বানপানী জনজীৱনৰ আয়ুসৰেখালৈ পৰিৱৰ্তন হৈছে । বানৰ প্ৰকোপৰ ফলতো যদি ক'ৰবাত কাৰোবাৰ এডৰা খেতি বাচিছে,  শীতৰ কোমল ৰ'দকাঁচলিত চিকমিকাই থকা পথাৰৰ সেই উন্মুক্ত নৰাবোৰেই তাৰ নিদৰ্শন । একোটা সেমেকা মন লৈয়ে এইবাৰো গাঁৱৰ ৰাইজে ভিগালীক বিদায় দিলে । গাঁৱৰ কৃষিপ্ৰধান পৰিয়ালবোৰ একেবাৰে জুৰুলা হৈ পৰিছে ; মনবোৰ ভাঙি গৈছে । কোনোবাই ৰাতিপুৱাই সেই উদং ভঁৰালঘৰটোলৈ চাই নীৰৱে চকুলো টুকিছে । কোনোৱে আকৌ মনত সাহস গোটাই সাঁচতীয়া ধন ভাঙি বৰোধানৰ খেতি কৰিবলৈ মগ্ন হৈ পৰিছে আৰু আন বহুতেই খেতিৰ মায়া ত্যাগ কৰি ভাত মুঠিকে মোকলাবলৈ অসমৰ বাহিৰত কিবা কাম কৰিবলৈ ঢাপলি মেলিছে । দুৰ্ভীক্ষৰ এজাক কঠোৰ ধুমুহা গাঁৱৰ প্ৰত্যেকজনৰ মূৰৰ ওপৰেৰে অনবৰতে অহা যোৱা কৰি ৰৈছে । 
       দুপৰীয়াটোৰ এই অস্থিৰতাবোৰৰ বাবে এঘুমটি মাৰিবলৈ চেষ্টা কৰিও মনেশ্বৰ বাৰে বাৰে বিফল হ'ল । মনেশ্বৰ মানে 'বাঢ়ৈ মনেশ্বৰ' । মালিনীৰ দেউতাক । কিবা এটা অজান ভয়ে আজি বাঢ়ৈক চেপি ধৰি আছে । বুকুখনো বৰ ধৰফৰাই আছে । নহ'বনো কিয় ! দুদিন ধৰি পেটলৈ খুদকণ অলপো যোৱা নাই । সি নিজৰ কথা নাভাবিলেও তাৰ ১২ বছৰীয়া জীয়েকজনী আৰু নৰিয়াত ভুগি এমাহ ধৰি বিচনাত পৰি থকা ঘৈণীয়েকজনীৰ কথা ভাবিলেই দুখত জৰ্জৰিত হৈ পৰে । চিঞৰি চিঞৰি নেদেখাজনক কয়, 'হে ঈশ্বৰ, এয়া কি ৰং চাইছা...কিহৰ প্ৰতিদান দিছা ?' থৰকবৰককৈ বাহিৰলৈ ওলাই আহি সি বাৰাণ্ডাতে পৰি থকা কিছুদিন আগতে সজা 'জাকৈ' খনকে লিৰিকি-বিদাৰি থাকিল । হঠাৎ স্মৃতিৰ এটা মধুৰ অধ্যায় তাৰ চকুৰ আগেৰে পাৰ হৈ গ'ল । কেইবছৰমান আগলৈকে যে দিনবোৰ কিমান সুখৰ আছিল ! খেতিৰ সময় আহিল বুলিলেই 'মনেশ্বৰ'ক বিচাৰি মানুহৰ উশাহ নোহোৱা হৈছিল । বিধে বিধে খেতিৰ সামগ্ৰী সজাবলৈ মানুহে ঘৰ ভৰি থাকিছিল । কাৰোবাক বোলে নাঙলটোহে, কাৰোবাক আকৌ মৈ' খনহে । কেৱল সেয়াইনে, পল'হ, জাকৈ, খালৈ আদিকে ধৰি নানান মাছ ধৰা সঁজুলিৰ বাবে দুৰদুৰণিৰ পৰাও বাঢ়ৈক বিচাৰি মানুহ ঘৰ ওলাইছিলহি । সেই দিনটো আজিও তাৰ স্পষ্টকৈ মনত আছে । সেইদিনা দেওবৰীয়া হাটৰ পৰা ঘৰ উভটোতে বাঢ়ৈৰ কিছু পলম হৈছিল । প্ৰায় সাঁজ লাগিছিলেই । ঘৰ পাই দেখে ওচৰৰ গাঁৱৰ পোনাকণ আহি বাৰাণ্ডাতে বহি আছে । কথা পাতি গম পালে যে সি পুৱাৰ পৰাই ইয়াত বহি আছেহি । খেতিৰ সময়, নাঙল দুটামানৰ বৰ প্ৰয়োজন । বেলেগ এদিন আহিব নোৱাৰে, কাৰণ তাৰ গাঁওখন ইয়াৰ পৰা বহু দূৰ । সেই ৰাতিয়েই বাঢ়ৈয়ে তাক নাঙল সাজি দিওঁতেহে ৰক্ষা । অতীতে আজি তাক বৰকৈ আমনি কৰিছে । তেনেতে কাৰোবাৰ মাতত বাঢ়ৈৰ সম্বিত ঘূৰি আহিল ।  
: ককাইদেউ বহিছে...
: অ', সেইটো অজিৎ নহয়নে, কেতিয়া আহিলি হ'বলা !
: ককাইদেউ আজি দুমাহেই হ'ল..
এইবাৰ মনেশ্বৰে মূৰ দুপিয়ালে । 
    অজীৎ মানে পানীৰামৰ একমাত্ৰ ল'ৰা । বহুবছৰ আগতে গাঁৱৰ সেই মজলীয়া বিদ্যালয়খনৰ চকীদাৰ আছিল পানীৰাম । সৰুতেই মাক ঢুকোৱা ঘৰখনত, দেউতাক জীয়াই থকালৈকে একো সমস্যাই দেখা দিয়া নাছিল । এৰা-ধৰাৰ মাজেৰে ধুনীয়াকৈ চলি আছিল । সি বৰবাবু হৈ দেউতাকৰ লগতে গাঁওখনৰ নাম উজ্জ্বল কৰক বুলিয়েই পানীৰামে অশেষ কষ্ট কৰি তাক পঢ়ুৱালে । পিছে, কি হ'ব ! দেউতাকৰ কিডনী ফেইল হৈ হঠাৎ মৃত্যু হোৱাত সি বি.এ ফাইনেলৰ শেষৰটো পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে । তাতেই পঢ়া সাং কৰি সৰু চাকৰি এটাৰ সন্ধানত সি বহু বাটকুৰি বাই ফুৰিলে । কিন্তু, সফল নহ'ল । এইবোৰৰ আশা বাদ দি অৱশেষত সি খেতিত আত্মনিয়োগ কৰিলে । সকলো ঠিকেই চলি আছিল । দেউতাকৰ দিনৰ চন পৰি থকা দুবিঘাকৈ মাটিত খেতি কৰি দুবছৰৰ ভিতৰতে সি চহকী হৈ পৰিল । কিন্তু, এই আনন্দও যেন আছিল ক্ষন্তেকীয়া । তাৰ পিছৰ বছৰৰ পৰা বানে চলোৱা তাণ্ডৱে তাৰ লগতে গাঁৱৰ সকলো খেতিয়কৰ দুৰৱস্থা নমাই আনিলে । নিঃসংগতা দূৰ কৰিবলৈ গাঁৱৰে পদ্ম পুৰিহিতৰ দ্বিতীয় কন্যা প্ৰমীলাক বিয়া কৰালে । বিয়াৰ ছমাহৰ পিছতে কাম বিচাৰি সি গুৱাহাটীলৈ বুলি ওলাল । এবছৰ তাত এখন হোটেলত কাম কৰি এদিন আকৌ ঘৰলৈ উভতিল । সি বোলে হোটেলৰ মালিকৰ সৈতে সময়মতে টকা নোপোৱাৰ বাবে কাজিয়া কৰি আহিছে । কিন্তু, এটা ভাল খবৰে তালৈ অপেক্ষা কৰি আছিল । ঘৰ আহি দেখে প্ৰমীলাৰ ছোৱালী এজনী হৈছে, আজি এমাহ । খং, বিৰক্তি সকলো পাহৰি তাৰ মুখত পুৰণিকলীয়া সেই উন্মাদ হাঁহিটো আকৌ বিৰিঙি উঠিল । কন্যা সন্তানৰ মোহে তাক আৰু কেতিয়াও বাহিৰলৈ যাব নিদিলে । কিছু সাহস গোটাই সি আকৌ খেতিতে ধৰিছে । কেইদিনমান পিছত হাঁহ-কুকুৰা, ব্ৰইলাৰ, বঁটাচৰাই আদি পালনৰ প্ৰশিক্ষণ এটা ল'বলৈ গুৱাহাটীলৈ যোৱাৰ কথাও মনতে পাঙি আছে, শুনিছে সেইবোৰত বহুত লাভ । কণমানি জীয়েকজনীৰ ভবিষ্যতৰ কথা চিন্তা কৰি যিকোনো কঠিন কাম কৰিবলৈকে সি এতিয়া নিজকে প্ৰস্তুত কৰি তুলিছে । 
    কৃষি-সংকটৰ অনাকাংক্ষিত সমস্যাই কৃষকৰ অশেষ ক্ষতি সাধন কৰাৰ উপৰি ইয়াৰ লগত জড়িত সকলোৰে বাবে নমাই আনিছে এক চিৰন্তন বিভীষিকা । কুমাৰ, বাঢ়ৈ আদি লোকসকল অনাহৰত পতিত হৈছে । মনেশ্বৰ বাঢ়ৈও তাৰে ভিতৰত এজন । ঘৈণীয়েক সবিতাই তাৰ উপাৰ্জন নোহোৱা দিন ধৰি শয্যাসায়ী হোৱালৈকে কিমান যে কষ্ট কৰা নাই । গাঁৱৰ পৰা ২০ কিঃমিঃ দূৰৰ মহাজনৰ পথাৰৰ ধান ৰোৱাৰ পৰা কটালৈকে, তাঁঁতবোৱা আৰু কেতিয়াবা বেলেগৰ ঘৰুৱা কাম পৰ্যন্ত কৰালৈকে অশেষ কষ্ট সহ্য কৰিছে । জীয়েক মালিনীয়েও অষ্টম শ্ৰেণীতে স্কুল এৰিলে । তাই দিনৰ দিনটো এতিয়া তাঁত বয় । মাকক চোৱা-চিতা কৰে । কেতিয়াবা ঘৈণীয়েকে তাক বিচনাৰ পৰাই ঘোলা চকুদুটা লাহেকৈ মেলি কয়, ' কিবা এটা বেলেগ কামকে বিচাৰি যাওক !' কিন্তু, এই বেমাৰী মানুহজনীক অকলে এৰি সি ক'লৈ যাব, কি বিচাৰি যাব ! বাপতিসাহোন বৃত্তিটো এৰি সি বেলেগ কামত কেনেকৈ মন বঢ়াব ! এই যন্ত্ৰণাবোৰ সহিব নোৱাৰি এদিন সি আত্মহত্যাৰ পথ বাচি লৈছিল । কিন্তু, সি নোৱাৰিলে...জীয়েকৰ শীৰ্ণ মুখখন আৰু ঘৈণীয়েক সবিতাৰ একেথৰে চাই থকা ঘোলা চকুযুৰি তাৰ মনত ভাঁহি আহিল । কথাবোৰ ভাবি ভাবি কেতিয়া সি ঘৰৰ ওচৰৰ মন্দিৰটোত প্ৰৱেশ কৰিলে গমকেই নাপালে । ভগবানকেই তাৰ অন্তৰৰ বেদনাবোৰ দোহাৰিম বুলি আগবাঢ়োতেই তাৰ বুকুৰ ধৰফৰণিটো বাঢ়ি আহিল । মূৰটো আচণ্ডাই ধৰিলে । সি মন্দিৰৰ কাষৰ আহতজোপাৰ তলতে বহি পৰিল । একান্তচিত্তে ঈশ্বৰক ধ্যান কৰিব ল'লে । আৰু কিছুসময়ৰ পিছতেই বাঢ়ৈৰ শৰীৰটো জঠৰ হৈ পৰিল । বিতৃষ্ণ নয়নেৰে মাথোঁ চাই ৰ'ল তাৰ আধা জহি খহি যোৱা ঘৰটোলৈ । হঠাতে হৈ-চৈ লাগিল । কোনোবাই চিঞৰিলে, 'ঐ, কোন ক'ত আছ', বাঢ়ৈৰ কি হৈছে...ওলাই আহ..চোন, ঐ ।' অজিৎ, প্ৰমীলা, মালিনী সকলো দৌৰি আহিল । মালিনীয়ে দেউতাকক সাৱটি হুক-হুকাই কান্দিলে । এটা-দুটাকৈ মানুহ আহি মনেশ্বৰ বাঢ়ৈক আগুৰি ধৰি চকুলো টুকিলে...
   মন্দিৰৰ 'ৰমা পূজাৰীয়ে' স্বগতোক্তি কৰিলে, 'জীৱনে আমাক সুখ-দুখ, মিলন-বিচ্ছেদ, এই সকলোবোৰ দি যায় ; কিন্তু, এই কোনোটোৱেই স্থায়ী নহয়, কাৰো ওপৰত আমি নিয়ন্ত্ৰণ ৰাখিব নোৱাৰোঁ ! একমাত্ৰ মৃত্যু, যি শ্ৰেয়, যাক অনুভৱ কৰাৰ আমাৰ সকলোৰে অধিকাৰ আছে, যি আমাক জীৱন নামৰ বিলাসীতাৰ পৰা বহু দূৰলৈ লৈ যায়...।'
       লাহে লাহে এই বিমৰ্ষ দুপৰীয়াটো সন্ধ্যাৰ এটি কৰুণ সুৰত বিলীন হৈ পৰিল । 




~ মনোজ
       

Comments