মনৰ কথা
তুমি যেতিয়া নজনাকৈয়ে সময়ৰ পাকচক্ৰত আবদ্ধ হৈ পৰা ; নিজৰ জগতখনৰ পৰা বহু দূৰ , কোনোবা নিৰ্জনতাত অকলশৰে ...তুমি এৰি অহা জগতখন একে হৈ নাথাকে ; হয়তো হ'ব পাৰে তোমাৰ সন্ধান , কিন্তু এদিন সকলো ধূসৰ হবলৈ ধৰে , সেই আপোনজন , যাক তুমি নিজতকৈও বেছি ভাল পাইছিলা , সেই কামবোৰ যাক নকৰাকৈ তোমাৰ এদিনো টোপনি নাহিছিল ; এই সকলোবোৰ তোমাৰ অনুপস্থিতিত সময়ৰ লগত ম্লান হৈ পৰে ; প্ৰতিশ্ৰুতিবোৰেও ৰং সলায় আৰু হঠাৎ যেতিয়া এদিন তুমি ঘূৰি অহা , তোমাৰ লগত থাকে কেৱল স্মৃতি আৰু কবলৈ বহু কথা , পিছে শুনিবলৈ কোনো নাই ...এখন জটিল , হৃদয় বিদাৰক সময়ৰ খেলা ।
- মনোজ
Comments
Post a Comment