মনৰ কথা~ কি বিচাৰে জীৱনে

চিয়াঁহীৰে উকাপৃষ্ঠাবোৰত কাহিনীৰ ৰং সানি থাকোতেই সি পাহৰি পেলাইছিল তাৰ বাস্তৱ জগতখনক । প্ৰতিদিনেই সি আত্ম-বিভোৰ হৈ কথা পাতিছিল নানান কাহিনীৰ চৰিত্ৰবোৰৰ সৈতে । নিজকে বিচাৰিবলৈ চেষ্টা কৰিছিল কাহিনীৰ বিবিধ পটভূমিত । বাস্তৱিকতাৰ পৰা বহুদূৰ এই কাল্পনিক জগতখনত যেতিয়াই সংঘাতৰ সৃষ্টি হৈছিল, সি কলমটো এৰি তুলি লৈছিল সেই আসক্ত চিগাৰেটডাল । কিছুসময়ৰ নীৰৱ দগ্ধতা । মুক্তমনেৰে চিগাৰেটৰ ধোঁৱা উৰুৱাই সি পুনৰ মগ্ন হৈ পৰিছিল তাৰ আধালেখা কাহিনীৰ মাজত আৰু বাৰিষাত এফালে জহি-খহি যোৱা তাৰ সৰু কোঠালিটোৰ এচুকত ওলমি থকা লাইটটোৰ চাৰিওকাষে সৃষ্টি হৈছিল এক ধোঁৱাময় চাকনৈয়া । য'ত পোহৰে বাট হেৰুৱাইছিল ; যেনেকৈ সি হেৰুৱাইছে নিজক, জীৱনৰ চাকনৈয়াত । এয়া আত্ম-বিস্মৰণৰ পথ নে বাস্তৱৰ যন্ত্ৰণাকাতৰ মনটোৰ বৰ্বৰতা ! যাৰ বাবে সি আশ্ৰয় লৈছে কাহিনীৰ নিজম কোলাত ; গ্ৰহণ কৰিছে নিঃসংগতাৰ অনন্য প্ৰতিষেধক । আজিও সি কথা পাতে নিজৰ সৈতে, কাহিনীৰ চৰিত্ৰবোৰৰ সৈতে, নীৰৱে...


~ মনোজ

Comments