শান্তিৰ অৱসাদ

শীতে গৰকা এটি নিশা
কুঁৱলীৰ ঠেঁহ ভগা নাই;
মোৰ স্বপ্ন ভংগ কৰি
এটি সুৰৰ অবাধ বিচৰণ,
নিশাটোৰ দৰেই গহীন
কিন্তু, কৰুণ এই সুৰ...
শেতেলীত মোৰ ভাগৰৰ উপেক্ষা
স্মৃতিৰ দুৱাৰত কাৰোবাৰ প্ৰতীক্ষা ;
মনটোৱে হঠাৎ বিদ্ৰোহ কৰি উঠিল
'কিমান ঢাকিম এই বিষন্নতাক ?
আৰু কিমানবাৰ ক'ম যে,
আজি ৰুক্ষ পথেই মোৰ আপোন'
অন্ততঃ শান্তিৰে দূৰ হয় অৱসাদ,
শান্তিৰে দূৰ হয়...


~ মনোজ

Comments