ফাগুনে কি ৰং ছটিয়াই ?
মাতাল নিশাটো গভীৰ হৈ পৰিল । নিস্তব্ধতাৰ অনন্য বিচৰণ ! পূৱে লাহেকৈ ধলফাট দিছে । এটি ৰিণি-ৰিণি সুৰ বলি ৰৈছে, শুকান বতাহ এছাটিৰ সৈতে । এয়া ফাগুনৰ সুৰ । নিৰাশাৰ মাজতে আশাৰ বতৰা অনাৰ অপ্ৰাণ চেষ্টা । যোৱাটো নিশাৰ ভ্ৰমবোৰে মনৰ কোনোবা এটা কোণত এতিয়াও ঘুমুটিয়াই ফুৰিছে, নাজানো কি বিচাৰি ফুৰিছে ! এটি অবুজ মন, কিছুমান অবুজ বিষাদ, ফাগুনৰ শুষ্ক আৱেশ আৰু এই সকলোবোৰৰ মাজত মই, যি এতিয়াও অস্থিৰ, যি এতিয়াও দৌৰি ফুৰিছে এটি সপোনৰ পিছত । খিৰিকীখন খুলি সুদূৰ পাহাৰটোলৈ চালোঁ । নীলিম আকাশখন আৰু পাহাৰটোৰ সমন্বয়ত এজোপা তেজৰঙা পলাশ ! এটা ৰঙা আভাই গোটেই ধূলিময় পৰিৱেশটোক জীপাল কৰাৰ অহৰহ চেষ্টা চলাইছে । যেনেকৈ মই চেষ্টা চলাইছো নতুনৰ অপেক্ষাত কটোৱা মনটো দৃঢ় কৰিবলৈ...
~ মনোজ
Comments
Post a Comment