কিয় ?

সঁচাই অবুজ এই অনুভূতিবোৰ ! বহুদিন ধৰি অভ্যস্ত হৈ থকা আনন্দ-উল্লাস, বিষাদ-বিৰক্তিবোৰে এদিন হঠাৎ ৰং সলায় ! তাৰ লগে লগে আৰম্ভ হয় এক নতুন কাহিনী ; এদিন তাৰো অন্ত পৰে আৰু আমি ঢাপলি মেলো সেই পুৰণা কাহিনীটোৰ পুনৰাবৃত্তিৰ কাৰণে । দেখাত সকলো সহজ । কিন্তু, আঁৰৰ অনুভৱবোৰৰ সৈতে সাক্ষাৎ কৰাটো বৰ কঠিন । একো পৃথক যেন নলগা গাঁৱৰ বিস্তৃত পথাৰৰ সীমানাত নোহোৱা হৈ যোৱা আবেলিৰ শেষ ৰঙটোত আজি বাৰুকৈ বিলীন হ'বলৈ মন গৈছে, যেন পৃথিৱীৰ সকলো সৌন্দৰ্য্যৰ উৎসই তাত লুকাই আছে ; দুপৰীয়া ভাতকেইটা খোৱাৰ পিছত আইতাই হাতত তুলি দিয়া খুন্দা তামোলকণ মুখ ৰঙা কৰি চুবাবলৈ বৰ মন গৈছে, "মই তামোল খোৱাৰ নতুন লগ পালো", সেই কঁপা মাতেৰে আইতাই কোৱা কথাকেইটা আজি দুলি ৰৈছে মোৰ কাণৰ মাজেৰে ; পথাৰৰ বুকুত মুক্তমনেৰে ঘূৰি ফুৰা দামুৰীটোক মূৰটো এবাৰ পিহি দিবলৈ বৰ ইচ্ছা গৈছে ! কিমান যে খং তাৰ মোৰ ওপৰত, নহ'বনো কিয় ! মাকৰ দুগ্ধৰ পৰা বঞ্চিত কৰি ময়েইটো তাক পঘাডাল ধৰি টানি‌ আনিছিলো...আৰু কতযে পৃষ্ঠা অলিখিত হৈ ৰ'ল; কিন্তু তাৰ আঁৰৰ অনুভৱবোৰ নিৰন্তৰ ! সেই কাহিনীয়ে আজি তাৰ গতি সলালে আৰু মোৰ মাজত কেৱল তাৰ স্মৃতি বিজড়িত অনুভূতিবোৰে ক্রিয়া কৰি থাকিল !  ইতিমধ্যে মই এটি নতুন কাহিনীৰ মাজত ; একো নাই, মাথোঁ নিজক বিচৰাৰ প্ৰস্তুতি চলিছে...



~ মনোজ

Comments