জিকমিক পাহাৰ
জীৱনটো মহানগৰীৰ সেই পাহাৰখনত জিক মিক কৰি থকা লাইটকেইটাৰ দৰে; কেতিয়া জ্বলি উঠে, কেতিয়া নুমাই ক'ব নোৱাৰি ! দূৰৰ পৰা সেই পাহাৰখন বৰ ধুনীয়া দেখি, কিন্তু ওচৰৰ পৰা সেই উজ্জলতাবোৰৰ মহত্ব হয়তো নাথাকিব । আমি ভাবো, টকা-পইচা, ঘৰ-সম্পত্তি, গাড়ী-ঘোঁৰা থাকিলেই মানুহৰ জীৱনটো ধৈন্য, পিছে প্ৰকৃত সুখ জানো এইবোৰে নিৰ্ধাৰণ কৰিব পাৰে ! টংকেশ্বৰে তাৰ ঘৈণীয়েকক কথাবোৰ কৈ দূৰৰ জিক মিকাই থকা পাহাৰটোলৈ চাই থাকিল । মহানগৰীৰ এচুকৰ সিহঁতৰ তম্বু দিয়া সৰু ঘৰটোৰ এটা সুৰুঙাইদি চৰুৰ ধোঁৱাৰ এটা চানেকি আকাশলৈ গতি কৰিলে ।
Comments
Post a Comment