সৰাপাত

এজাক আপোনপাহৰা বিহগৰ উত্ৰাৱল সুৰত আজি সাৰ পালোঁ । যোৱা ৰাতিৰ ৰাগিয়ে শাম কাটিছিল । জীৱনৰ পৰা পলাবলৈ নে জীৱন জীয়াবলৈ নিজকে প্ৰস্তুত কৰিছোঁ, সেয়া অবুজ । মাথোঁ গৈ আছোঁ... গৈ আছোঁ । সময়ৰ হুৰ-মুৰীয়া যাত্ৰাত ইফালে-সিফালে চকু ফুৰাবলৈ উশাহ নোপোৱা দিনবোৰ আজি থেকেচি পেলাবলৈ মন গৈছে ! বিলীন হ'বলৈ মন গৈছে প্ৰকৃতিৰ নানা ৰঙবোৰৰ মাজত । য'ত আছে শান্তি , য'ত নিৰাশাৰ মাজতো আশাই ভুমুকি মাৰি যায় । দৰ্জাখন খুলি মই ওলাই আহিলোঁ । লগে লগে এছাটি বতাহে গালে মুখে কিবা আঁকি গ'ল । এয়া ফাগুনৰ বা ! যি এতিয়া প্ৰকৃতিৰ মাজলৈ লৈ আহিছে অলেখ অপাৰ বতৰা । প্ৰকৃতিক ন-ৰূপত সজাই তোলাৰ পৰিকল্পনা ! হোষ্টেলৰ সন্মুখত ইমূৰৰ পৰা সিমূৰলৈ বহু কেইজোপা দেৱদাৰুৰ শাৰী । পুৱাৰ উন্মাদ ৰ'দ কাঁচলিয়ে চিৰসেউজ দেৱদাৰুৰ ঘন পাতবোৰৰ আঁৰে আঁৰে মোক জুমি চাইছে । অহৰহ বলি ৰোৱা বতাহছাটিৰ নিৰন্তন প্ৰচেষ্টাত প্ৰতিমুহূৰ্ততে সৰি ৰৈছে শুকান পাতবোৰ । হোষ্টেলৰ বাগিচাদুখনৰ মাজৰ পকী ৰাস্তাটোৰে খোজ ললোঁ । লগে লগে এগালমান শুকান পাতে ৰাস্তাটো ঢাকি গৈ থাকিল । যেন সৰাপাতবোৰে এখন দলিচাহে পাৰি গৈ আছে । এক অনন্য অনুভৱ ! সৌৱা, এফালে যদি পলাশ, মদাৰে আকাশত ৰঙা ৰং ছটিওয়াত মগ্ন, আনফালে মৰহি যোৱাৰ বেদনাত সুপ্ত, বাগিচাৰ নাৰ্জীবোৰ । এয়াই ফাগুন ; নিৰাশাৰ মাজতেই আশা, নোপোৱাৰ মাজতেই কিছু প্ৰাপ্তি ! সৌৱা, সেই মেহগণি জোপাত দেখোন কুঁহিপাত মেলিলেই ! আকাশে-বতাহে কুলিৰ মাতেও সৃষ্টি কৰিলে আলোড়ন । এতিয়া মাথোঁ অপেক্ষা , এজাক বৰষুণলৈ....

Comments