ক'ব নোৱাৰাবোৰ
চঁকা-মকা এছাটি পোহৰ । বাট হেৰুৱাই পালোঁ এন্ধাৰ । মোৰ চৌপাশে এক নিৰন্তন কোলাহল । ক্ষমতাশালীৰ দাবানল ; নিৰীহৰ জীয়াই থকাৰ সংগ্ৰাম । ...কিহৰ হুৱা-দুৱা এয়া ! ক'ৰবাত একুৰা জুই দাও-দাওকৈ জ্বলিছে ; আকাশমাৰ্গেৰে উৰা মাৰিছে জুপুৰিৰ কুকুহা । সন্মুখলৈ চাই মাথোঁ আগবাঢ়িলোঁ । মই যোৱা বাটে অজস্ৰ নিষ্প্ৰভ চাকি আৰু তাৰ আঁৰত লুকাই আছে ক'তযে সেমেকা মুখ ! বতাহৰ হেঁচাত চাকিৰ শিখাটিয়ে নিজকে স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰাৰ দৰে , সিহঁতেও স্থিৰ কৰি ৰাখিছে নিজক, মনটোক ! ৰাতিটোৰহে কথা...পাৰ হৈ যাব । হঠাৎ হাহাকাৰ লাগিল । বতাহৰ প্ৰবল আঘাতত গছবোৰ কঁপি উঠিছে ; নিজকে বিচাৰি পালোঁ এটি অন্ধকাৰময় গহ্বৰত । সৌৱা সুদূৰত অকণমান পোহৰ আৰু তাৰ চৌপাশে তেজপিঁয়া চগাৰ দৰে ঘুৰ্ণায়মান এগালমান শুকান পাত ! এয়া বাস্তৱ জগতৰেই খেলা , য'ত মই কাহানিবাই খোজ হেৰুৱালোঁ । এতিয়া মাথোঁ আবদ্ধ এখন ৰণত ; আকাশ, বতাহ আৰু মাটিৰ মাজৰ এখন ৰণ । নাজানো শেষ ক'ত...
.
.
.
মনোজ
Comments
Post a Comment