আবদ্ধ

এটি ধূলিয়ৰি পুৱা
এছাটি ভণ্ড বতাহৰ বৰ্বৰতা ,
কপাহৰ কলিটো থৰ-থৰকৈ কঁপিছে ;
...
আজি শংকিত কোন ?
ক্ষমতালিপ্সু 
নে জুপুৰীৰ এন্ধাৰত কটোৱা জন !
.....
খেজুৰ জোপাত এটি টুকুৰাৰ বাঁহ
বতাহৰ ভণ্ডামিক আওকান কৰি 
সদায় স্থিতপ্ৰজ্ঞ
....
মোৰ পিঠিৰে কিহবাই অহাযোৱা কৰিছে,
সন্মুখত এটা ৰঙাপৰুৱাৰ দল,
আক্ৰমণাত্মক...
...
এখন দেৱাল , দেৱালত ক'লা ৰং
ইপাৰে মই , সিপাৰে যান্ত্ৰিকতা
...
আজি মইও শংকিত..
মোৰ ভেটিক লৈ
মোৰ ভাষাক লৈ...
.
.
.
.
.মনোজ

Comments