পতঙ্গ
দেৱালখন মজবুত কৰালোঁ
এটাৰ পাছত আন এটা তৰপ
দৃঢ় , কাঁইটীয়া , ৰুক্ষ
দেৱালত আঠা লাগি আছে
মোৰ এগালমান পুতলা
নীৰৱ , বুদ্ধিভ্ৰষ্ট , হৃদয়হীন
অথচ , বিদ্ৰুপৰ হাঁহি এটা মুখত ;
নতুন কথা নহয় এয়া ,
মোৰ শাসনতন্ত্ৰত সৌৱা অজস্ৰ প্ৰতিবাদী
নিজৰ অধিকাৰ বিচাৰি ৰাজপথত প্ৰশস্ত
এইবাৰ প্ৰতিবাদ সৌম্য ,
দীৰ্ঘকালীন হ'ব
তথাপি বিশ্বাস কৰিব নোৱাৰি
সেইবাবে বান্ধিছোঁ কটকটীয়া দেৱাল
আচৰিত নহ'ব , মই বিশ্বাসৰ কথা কৈছোঁ
মোৰ হৃদয় নগলে
লালসাৰ মদিৰাত যে মই আসক্ত ,
মই ৰঙীন সপোন দেখুৱাইছিলোঁ
এদিন ৰজাৰ আসন পালোঁ ,
পিছে কি হ'ব
আচলতে মই এটা পতঙ্গ
শূণ্য আছিল মোৰ অৱস্থান
ক্ষমতাৰ ৰাগীত আজি অন্ধ হ'লো ,
এয়া মোৰ দেহত অলেখ ৰঙা-বগা দাগ ,
তথাপিও নেৰিলোঁ ৰং সলাবলৈ
মই পতঙ্গ
এটা তেজপিঁয়া
এটা ভণ্ড শাসক
.
.
.
.মনোজ
Comments
Post a Comment