বগা ফুল , কলা ৰং
(১)
মোৰ ঘৰৰ পিৰালিত এপাহ ফুল ফুলিছে
বগা ফুল ,
সেউজীয়াৰ আঁৰত তাৰ গোপন অভিসাৰ
দুৱাৰদলিত এছাটি বতাহে বাৰে-বাৰে টুকুৰিয়াইছে
ফুলপাহ থৰ-থৰকৈ কঁপিছে ,
শীতৰ সেই নিশাটিৰ দৰে
এপাহ ফুল ফুলিছে ,
বগা ফুল ...
(২)
মোৰ চৌপাশে এচমকা আনন্দৰ কোলাহল ,
শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ প্ৰাৰম্ভিক আখৰা
কিছু সংশয় , কিছু উত্তেজনা
ক্ষমতা বিচৰাজনৰ দৃষ্টি জল-মল
বিশ্বাসীজনৰ শীৰ্ণ সমিধান ,
এচমকা আনন্দৰ কোলাহল ...
(৩)
ফুলপাহৰ বুকুত এটা ক'লা পখিলা
গ্ৰাস কৰি পেলাব খুজিছে শান্তিৰ মগ্নতা
কোলাহলবোৰ লাহেকৈ কমি আহিল
বতাহছাটিও নোহোৱা হ'ল
সময়ৰ ধূলিত ছাতি-ফুটি কৰিছে দিক-বিদিক
ফুলৰ পাহিকেইটা নীৰৱে সৰি পৰিল ,
এতিয়া মাথোঁ এন্ধাৰ
চৌদিশে কেৱল ক'লা ৰং ...
.
.
.
.
.মনোজ
Comments
Post a Comment