বিষাদ

আজি আকাশখনৰ বিষাদ ,
আকাশৰ কোলাত মেঘবোৰে উচপিচাই আছে
এডাল বিদ্যুৎসর্পই বাট হেৰুৱাই
ফালি চিৰা-চিৰ্ কৰিছে মেঘৰ অৰ্ধসিক্ত বুকুখন ,
ফাগুনে ধুই নিয়া পলাশ-মদাৰৰ সিৰাই-সিৰাই
এতিয়া কেৱল বিষাদৰ গান ;
সৌৱা , মোৰ স্বপ্ন-নগৰীৰ দাঁতিত 
এজুপি নাহৰ ফুলিছে ,
ফুলবোৰে দেখোন আমনজিমনকৈ 
                           মোলৈকে চাইছে
নাহৰৰ ভাঁজে-ভাঁজে এটি চঞ্চল দহিকতৰাৰ
                             নীৰৱ ধ্যান ,
বুজিছা অৰুন্ধতী !
আজি সকলোৰে বিষাদ ...
ৰাতিলৈ এজাক ধুমুহা বলিব নিশ্চয়
জোকাৰি যাব চহৰৰ প্ৰতিটো অলিবাট
মই ধুমুহাজাকক চিঞৰি ক'ম ,
" মচি নে মোৰ বিষাদৰ দুখনি ভাৰ
মচি নে মোক ,
মচি নে..."

.
.
.
.
.
মনোজ

Comments