কিয় ?

সেই গজগতি কিয় মূঢ়মতি !
নিশাৰ নীৰৱতা ফালি ভাঁহি অহা
সেই শব্দ... নিচেই চিনাকি 
যি মোৰ বুকুৰ মাজত
আজিও হাহাকাৰ কৰি উঠে

আজি মোক উত্তেজিত কৰি তোলা নাই
সেই শব্দই...
অথচ , বুকুৰ গভীৰলৈ সুমাই আহিছে
এপাত শেল হৈ ...

ধুলিময় আকাশ ,
ধূসৰ মোৰ চকু ;
এইবোৰটো মোৰ চিৰপৰিচিত ভ্ৰম
কিন্তু , সেই পহিলা ফাগুনত তুমি দিয়া
পলাশ ৰঙৰ চিঠিৰ খামটো ,
আৰু নীলা আখৰে লিখা শব্দকেইটা
সেয়া জানো ভ্ৰম আছিল ?

- মনোজ

Comments