তাই
যোৱাৰাতি এজাক ধুমুহা পাৰ হৈ গ'ল
মলীনতাবোৰ খেদি নিলে...
বহাগৰ এই কোমল পুৱাটিত
তাই জপৰা চুলিকোছা মেলি
আপোনপাহৰা হৈ প্ৰকৃতিৰ বুকুলৈ ওলাই আহিল..
সদ্যপ্ৰস্ফুটিত কপৌপাহিত বৰষুণৰ ৰাগী এতিয়াও স্পষ্ট...কপৌপাহিত তাই হাতখন বুলাই ৰং মনেৰে আগবাঢ়িলে.. নজনাকৈয়ে এটুপাল বৰষুণ তাইৰ জপাৰা চুলিকোছাৰ আঁহে-আঁহে বৈ আহিল , তাইৰ বুকুৰ মাজলৈ... সঁচাকৈ, সেই বৰষুণৰ টুপালটি হোৱা হ'লে... তাইৰ বুকুৰ সৈতে সদায় উঠা-নমা কৰিলোঁহেঁতেন..প্ৰতি উশাহে নিশাহে.....
.
.
.মনোজ
Comments
Post a Comment