সপোন
দুপৰীয়াটো মৰি গৈছে,
লগতে মইও ;
কাৰো সাৰ-সুৰ নাই
আকাশৰ বুকুত গিৰ্জনি মাৰি উৰিছে
এচপৰা ক'লা মেঘৰ ছাঁ,
বৰষুণজাক আকৌ আহিব !
কুঁহিপাতেৰে ভৰা মেহগনিজুপিৰ দুহাত হেঁচুকি
তেওঁ বৈ আহিল,
দুপৰীয়াটোৰ বুকুত এচলু প্ৰাণ ঢালিবলৈ,
মোক জীয়াই তুলিবলৈ
কি যে অনিন্দ্যসুন্দৰ
তেওঁৰ হাঁহিটো নিৰন্তৰ
যেন এপাহ সদ্যপ্ৰস্ফুটিত গোলাপ ;
মোৰ হৃদয়ৰ কোঁহে-কোঁহে
অবিৰাম ঢপলিয়াই ফুৰিল
তেওঁৰ হাতৰ সেই কোমল গান্ধাৰ ।
তেওঁ আহিছিল ?
নে এয়া মোৰ ভ্ৰম !
সপোন ;
তোক মই কাবৌ কৰিছো
আজিলৈ এৰি নাযাবি মোক
মই মৰিব নোখোজোঁ দুনাই
তেওঁ আহিছিল ?
এটি সুৰৰ পখিলা হৈ ...।
.
.
.
.~ মনোজ
Comments
Post a Comment