ৰঙালী

গাঁওখন মৰি যোৱা নাই,
শিলাময় আকাশৰ পিনে চাবলৈ
লাহতীয়ে এতিয়া বাদ দিছে,
তথাপি মনে কয় ;
বৰষুণজাক হোৱা হ'লে
মৰাপাতৰ পুলিকেইটাই অলপ উশাহ পোৱা হ'লে,
বলদহালক বিহুটিলৈকে যেনেতেনে ৰাখিব পৰা হ'লে,
কোনে কয়...
মোৰ গাঁৱলৈ ব'হাগ নাহে বুলি !
এইয়া,
আইৰ আখলত পিঠা-পনাৰ প্ৰস্তুতি চলিছে
ব'হাগী আহিব...
মোৰ গাঁৱৰ কোঁহে-কোঁহে
এমুঠিকৈ ৰং ছটিয়াব,
ব'হাগী,
পাৰিলে মোৰ পঁজালৈও এপাক মাৰিবি
তোলৈ বুলিয়েই আগ কৰি থ'ম
আয়ে যতনেৰে সজা
একোটা তিলৰ পিঠা...

.
.
.
@মনোজ

Comments