কোন দিশে ?

নিশা দুপৰ হ'ল
সাৰে আছোঁ মই
সাৰে আছে হাবি পোৰা ছাইখিনি,

মোৰ চকুপানীবোৰ শুকাই কৰাল বান্ধিছে ;

এটা চৰাইৰ মাতত নীৰৱতাৰ তন্দ্ৰালি ভাঙিছে,
বা-মাৰলী এজাকৰ কূটাঘাতত 
     কৰবীৰ হালধীয়াখিনি হীম হৈ গলিছে,
পোৰা মঙহৰ গোন্ধ এটাই দশোদিশ ভেদিছে,
হাবিখন দপ্-দপাই জ্বলিছে !

উঁইপৰুৱাৰ জাকটোৱে বালিত মুখ লুকুৱাইছে
চিফুঙৰ সুৰ এটিয়ে অমানিশাক সাৱটি লৈছে,
আঘোণৰ পথাৰখন দীঘে-বাগিয়ে ফাটিছে,
আকাশৰ বুকুয়েদি এটোপাল বৰষুণ
       তেজ হৈ বিৰিঙিছে,
মোৰ কলিজাৰ তেজখিনিয়ে মৃত্যুৰ ডিঙা সাজিছে
হাবিখন পুৰি ছাই হৈ পৰিছে ।

.
.
.
@মনোজ

Comments