লুইত

লুইতৰ বুকুফালি আমি সুমাই গৈছিলোঁ
কেঁচামাটিৰ গোন্ধ এটাই মহীয়ান কৰা 
       সেই জগতখনলৈ,
আঘোণ পাবৰেই হ'লহি
শ্যামলীডৰা সোণালী হ'বৰ হ'ল
মোৰ হিয়াৰ আঁহে আঁহে 
        এজাক সেউজীয়া বতাহে নাও মেলি দিছিল
লুইতৰ নীলাভ বুকুত
        কঁপি উঠিছিল আমাৰ প্ৰতিচ্ছবি,
চাপৰিত এটা 'কনুৱা'ৰ ধ্যানমগ্নতা
এটি ঐনিতমৰ সুৰে আমাক 
         সম্ভাষণ জনাইছিল ....

Comments