আবেলিৰ ৰং
বেলি পৰো পৰো হ'ল
বনচিৰিকা এটাৰ চঞ্চলতাই মোক আৱৰি আছে,
ভঁৰালৰ বাকৰিত এজুপি গধূলি-গোপালে
মূৰ তুলি চালে
গুলপীয়াখিনি ছিটিকি পৰিল ;
গৰু-ধূলি আকাশত বিলীন হ'ল
মোৰ চকুত থমকিল, জীৱনৰ অমিয়া ৰং
মাধৱীলতাৰ দৰে এটি আলিবাটেৰে
মই খোজ ললোঁ,
সখিয়তী এহালে মোক ৰিঙিয়াই মাতিলে
সপোনবোৰ সজীৱ হৈ পৰিল ;
হাবিয়নীখনৰ মাজেৰে বেলিটিয়ে
শেষবাৰলৈ মোলৈ জুমি চালে
এজাৰৰ কলি এটি হাতেৰে সাৱটি
মই আকাশখনিলৈ চাই ৰ'লো,
আকাশৰ বুকুত এপাহি বকুল ফুলিছে ।
.
.
.~ মনোজ
Comments
Post a Comment