কমৰেড ৰাভা আহিছে
আবেলিৰ ভাগৰুৱা আলিবাটটোত শেষ ধূলিমুঠি সাৱটি বুঢ়া মানুহজন ৰৈ আছে । পথাৰখনলৈ একেথিৰে চাই আছে । দুচকুত দুখনি খৰস্ৰোতা নৈ ; শৰীৰত অৱহেলাৰ শুকান চাপ । এজন নিষ্পেষিতৰ বাবে আৰু বেলেগ কি হ'ব পাৰে ! পৈতিক যুগৰে পৰাই খেতি কৰি অহা একমাত্ৰ মাটিডোখৰো আজি তেওঁ হেৰুৱালে ।
শুনিছোঁ জনগণৰ মুক্তিৰ বাট মুকলাবলৈ কোনোবা এজন আহিছে । আশাৰ কিৰণ লৈ তেওঁ হয়তো এই বাটেৰেই আহি আছে । দূৰৈত বিপ্লৱী কণ্ঠত বাজি উঠিল সেই ধ্বনি, 'নাঙল যাৰ মাটি তাৰ...।' সৌৱা 'কমৰেড ৰাভা' আহিছে ।
"স্বাধীনতা পাইয়ো জানো আমি স্বাধীন ?
খাটিখোৱা জনতাই প্ৰতিবিন্দু ঘামৰ উচিত মূল্য পালেনে ?
ৰঘু কাইটিয়ে তেওঁৰ পৈতিক যুগৰ মাটিডৰাক নিজৰ কৰি ৰাখিব পাৰিলেনে ?
হালুৱা, বনুৱা, ৰণুৱা, দৰিদ্ৰসকলৰ মুক্তিৰ বাটনো তেতিয়াহ'লে ক'ত ?"
ৰাভাই জানিছিল, এখন শ্রেণীবিহীন সমাজ গঢ়িবলৈ আমাক লাগিব সামাজিক বৈপ্লৱিক পৰিৱৰ্তন আৰু তাৰবাবে প্ৰথমে প্ৰয়োজন হ'ব সাংস্কৃতিক বিপ্লৱ । সেইবাবে জনতাৰ মাজত তেওঁ জ্বলাই তুলিলে চেতনাৰ স্ফুলিংগ । শিলৰ হেঁচাত জাহ যাব খোজা বৈপ্লৱিক শব্দবোৰৰ মাজত প্ৰাণৰ এটি সুৰ ঢালি দিলে । মৰহি যাব ধৰা কবিতাৰ ফুলবোৰ আলফুলে বুটলি প্ৰজ্ঞাৰ মালা গাঁঠিলে । একতাৰ সূতাডালে পাহাৰ-ভৈয়াম, চহৰ-নগৰ সকলোকে মেৰিয়ালে । কালৰ গহ্বৰত লুকাব খোজা শংকৰী অৱদান আকৌ পোহৰলৈ আনিলে আৰু তাণ্ডৱ নাচেৰে জনগণক সবল হ'বলৈ শিকালে ।
হে সুন্দৰৰ পূজাৰী
হে কলাগুৰু
তোমাৰ চৰণত আমিবোৰ সদায় ঋণী
আজি আমি ৰোগগ্ৰস্ত
সেই একেদৰেই সৰ্বশ্ৰান্ত....
আমাৰ মাজৰে আজিও কোনোবাই সেই অলিবাটটোত ৰৈ থাকে । অপেক্ষা কৰে সেই উদ্দাত্ত কণ্ঠলৈ .....
"কমৰেড ৰাভা আহিব....।"
@মনোজ
Comments
Post a Comment