এখন জীয়া ছবি

সুদূৰৰ ব্যস্ততাৰ গাঁওখন ভাগৰত ঢলি পৰিল
যাবৰ বেলিকা গাঁৱৰ কাষেৰে
    ৰ’দালীয়ে সাজি গ’ল এটি সোণালী আলিবাট,
সেই আলিবাটেৰেই গৈ আছিল এজন মানুহ
    এজন নিসঙ্গ মানুহ
     মুখত একাজলি তেজ
     উশাহত ভঙা উচুপনি ;

কাতৰ চিঞৰ এটিয়ে
     তেওঁক চেপি আছিল
শৰীৰৰ জলঙাইদি প্রতিধ্বনিত হৈছিল
      সেই নমৰা প্ৰতিশ্ৰুতি ;

সন্ধ্যাৰ নিমাওমাও ছাঁয়াত
      গাঁওখনৰ ওপৰত ওলমি ৰৈছিল এখন ছবি
কেতিয়াবা দেখা নীলা আকাশখনৰ দৰে,
কেতিয়াবা দেখা ৰক্তিম মেঘাচ্ছন্ন আবেলিটোৰ দৰে
       ‘এখন জীয়া ছবি ।’



~মনোজ

Comments