বাৰিষাকাল - পশুধনৰ বাবে এক প্ৰত্যাহ্বান

   প্ৰকৃতিৰ সালসলনিৰ লগত পশুধনৰ বিকাশ-বৃদ্ধিৰ কথাটো সঁচাকৈ মনকৰিবলগীয়া এটা বিষয় । অইন ন’হলেও বাৰিষাকালটোৱে পশুপালকসকলক প্ৰায়েই চিন্তাত পেলায় । কাৰণ, এই সময়তেই জীৱ-জন্তুবোৰক নানা ধৰণৰ বেমাৰে আগুৰি ধৰে আৰু পশুপালকসকলো অৰ্থনৈতিকভাৱে বহু পৰিমাণে বাধাপ্ৰাপ্ত হয় । অসমৰ সেমেকা জলবায়ু, বাৰিষা আহিল বুলিলেই বিভিন্ন অঞ্চলত বানৰ প্ৰকোপ, উপযুক্ত ঘাঁহনিৰ অভাৱ, পুষ্টিকৰ দানাজাতীয় খাদ্যৰ অভাৱত পশুধনৰ বিভিন্ন মাৰাত্মক ৰোগ-ব্যাধিয়ে গা-কৰি উঠিব লৈছে । এই ৰোগসমূহ সাধাৰণতে পৰজীৱী, বেক্টেৰিয়াজনিত অথবা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় । গতিকে, পশুধনসমূহক বিভিন্ন বেমাৰ নাইবা সংক্ৰমণৰ পৰা বচাই ৰাখিবলৈ সময়ে সময়ে পশুচিকিৎসক বা চৰকাৰৰ পশু-চিকিৎসা বিভাগৰ লগত যোগাযোগ কৰিব লাগে । কেইদিনমান আগতে আমাৰ ওচৰৰে এখন গাঁৱত একেলগে বহুকেইঘৰ মানুহৰ গৰু-ছাগলী মৰাৰ খবৰ শুনিবলৈ পাইছিলোঁ । পিছত জানিব পৰা মতে, বানপানী হৈ যোৱা সেই অঞ্চলটোত দুবিধ মাৰাত্মক বেমাৰ অজস্ৰ গৰু-ছাগলীৰ নিধনৰ কাৰক হৈ পৰিছিল ; সেয়া আছিল - গলফুলা/ মৌ-বিছনীয়া আৰু জহৰবাত/ গাঁঠিয়া বেমাৰ । আজিৰ এই লেখাটোত আমি এই দুবিধ মাৰাত্মক ৰোগৰ প্ৰতিৰোধৰ বাবে গো-পালকসকলে ল’বলগীয়া সাৱধানতা সম্পৰ্কে আলোচনা কৰিম --

‛গলফুলা’ এবিধ বেক্টেৰিয়াজনিত ৰোগ । সমগ্ৰ দেশতে বিস্তাৰিত হৈ থকা এই ৰোগবিধ ৬ মাহৰ পৰা ২ বছৰৰ জন্তুৰ ক্ষেত্ৰত হয় । গৰু, ম’হ, ছাগলী, গাহৰি, হাতী, ঘোঁৰা সকলোৱেই এই ৰোগৰ বলি হ’ব লগা হয় । এই ৰোগ খাদ্যৰ পৰা, উশাহৰ পৰা বিয়পে । এই ৰোগৰ লক্ষণসমূহ এনেধৰণৰ- প্ৰথমে অতিপাত জ্বৰ হ’ব, উশাহ-নিশাহত কষ্ট, নাক-মুখৰ পৰা পানী ওলাব, মুখেৰে ফেনাবলৈ লয় । কিন্তু প্ৰধান লক্ষণ বুলোতে, জিভা-ডিঙি ফুলি উঠা আৰু উশাহ লওঁতে ঘৰ-ঘৰণি শব্দ ওলোৱা । এবাৰ এই ৰোগ হ’লে একেলগে বহুত গৰু মৰে । এই ৰোগৰ লক্ষণসমূহৰ আৰম্ভণিতে এন্টিবায়’টিক ব্যৱহাৰ কৰিলে, তাৰ প্ৰভাৱ দেখা পোৱা যায় । গলফুলা ৰোগত প্ৰয়োগ কৰিব পৰা ঔষধসমূহ হ’ল - Oxytetracycline, Trimethoprim/ Sulfamethoxazole, Streptomycin আৰু Penicillin ৰ সংমিশ্ৰণ । 

‛জহৰবাত’ আন এবিধ অতিকৈ মাৰাত্মক বেক্টেৰিয়াজনিত বেমাৰ । সচৰাচৰ লক্ষ্য কৰা যায় যে এই ৰোগ চাফ-চিকুণ দমৰা পোৱালি নাইবা প্ৰাপ্তবয়স্ক, হৃষ্ট-পুষ্ট পশুধনৰ বেছিকৈ হয় । সাধাৰণতে ৬ মাহৰ পৰা ২ বছৰ বয়সৰ গৰু-ম’হত বেছিকৈ দেখা যায় । ৰোগৰ লক্ষণসমূহ এনেধৰণৰ - অতিমাত্ৰা জ্বৰ আৰু খোজ কঢ়াত অসুবিধা, প্ৰথমে ঠেং বা টপিনা ফুলি উঠে আৰু ফুলা অংশ পিছলৈ জঠৰ হৈ পৰে, চেপি দিলে পিৰ-পিৰ এটা শব্দ হয় । আক্ৰান্ত জন্তুটো উপযুক্ত চিকিৎসা নাপালে ২৪ ঘণ্টাৰ ভিতৰতে মৃত্যুমুখত পৰে । প্ৰদূষিত চৰণীয়া পথাৰ এই ৰোগৰ বীজাণু সংক্ৰমণৰ প্ৰধান উৎস । খাদ্য তথা পানীৰ পৰাও সংক্ৰমণ হয় । ছাগলী/ ভেড়াৰ খাহী কৰা (Castration), নেজ চুটিকৈ কটা (Docking), কেচিৰে নোম কটা (Shearing) আদি কাৰ্য্যয়েও সংক্ৰমণ ঘটাব পাৰে । 

এনে মাৰাত্মক ৰোগৰ নিৰাময়ৰ বাবে গো-পালকসকলে ল’বলগীয়া ব্যৱস্থাসমূহ --

১) গোহালিত বা পশুধন ৰখা ঠাইত জাক দিয়াৰ ব্যৱস্থাই বহু বীজাণুৰ ৰেণু ধ্বংস কৰে ।
২) ৰোগৰ লক্ষণ দেখা মাত্ৰেই ওচৰৰ পশু- চিকিৎসকক জনাব লাগে ।
৩) ৰোগত আক্ৰান্ত গৰু-ম’হক আন জন্তুৰ পৰা দূৰত ৰাখিব লাগে । 
৪) আক্ৰান্ত জন্তুটো যদি মৰি যায়, তেন্তে তাক অতি সাৱধানেৰে গাত-খান্দি পুতি পেলোৱা উচিত আৰু লক্ষ্য ৰাখিব লাগে যে পুতা ঠাইখিনি যাতে কোনো পানীৰ উৎসৰ ওচৰত নহয় । 
৫) মৰাশটো আঁতৰাই নিয়াৰ পিছত গোহালিটো কীটনাশক দৰৱ দি পৰিষ্কাৰ কৰিব লাগে । 

বাৰিষা অহাৰ আগে আগেই পশুপালকসকলে এই দুই ৰোগৰ সংযুক্ত প্ৰতিষেধকটো (H.S + B.Q)  নিজৰ পশুধনক দিয়াৰ ব্যৱস্থা কৰিব লাগে । যোৱাবছৰ নগাঁও জিলাৰ কঁঠীয়াতলী খণ্ডৰ এখন গাঁৱত এই প্ৰতিষেধক প্ৰদানৰ অনুষ্ঠানত অংশগ্ৰহণৰ সুবিধা পাইছিলোঁ । তেনেকৈ প্ৰতি ছমাহৰ মূৰে মূৰে এই ছিটা প্ৰত্যক জিলাৰ প্ৰতিটো খণ্ডলৈ আহে আৰু বিনামূলীয়াকৈ বিতৰণ কৰা হয় । তাৰ ভিতৰতো বিভিন্ন কাৰণবশত বহুত গাঁৱৰ পশুধন এই ছিটাৰ পৰা বঞ্চিত হয় । পশু-পালকসকলে এই বিষয়ে ওচৰৰ পশু-চিকিৎসা কেন্দ্ৰত কথাবোৰ অৱগত কৰোৱা উচিত । এনেকৈ পশুধনৰ বেমাৰ হোৱাৰ আগতেই তাৰ প্ৰতিকাৰত পশু-পালকসকল সচেতন হ’লে নিশ্চয়কৈ এই ৰোগবোৰ সম্পূর্ণকৈ নিৰাময় কৰিব পৰা যাব । এই ক্ষেত্ৰত পশু-পালক আৰু পশু-চিকিৎসক সকলোৰে ভূমিকা অতুলনীয় । 



Comments