সপোন নগৰী
সেউজীয়াৰ মাজতেই তুমি থাকা,
বিশাল দায়িত্বৰ ভাৰ তোলা
তুমি এখনি নিৰৱধি বোৱঁতী নৈ...
যাৰ বুকুয়েদি আশাৰ ডিঙা সাজি আমি উটি আহোঁ
সেউজ স্বপ্নৰ বিশাল পথাৰ এখনলৈ...
তোমাৰ ছায়াতেই আমি ভৱিষ্যত দেখোঁ,
তোমাৰ কোলাতেই পাৰ কৰোঁ আমাৰ যৌৱন
তুমি আন কোনো নহয়...
তুমি আমাৰ অতিকৈ আপোন
আমাৰ আবেগ,
"পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় ।"
চাওঁতে চাওঁতে, আজি তুমি ৭৪ বছৰীয়া হ’লা
ইমানদিনে তুমি কঢ়িয়াই ফুৰিলা,
অলেখ সফলতাৰ কাহিনী আৰু
কিছু বিফলতাৰ বিষাদ
তথাপি, তুমি অক্লান্ত, তুমি অসীম...
চোৱাচোন, পুৱাৰ সুৰুজৰ ৰাঙলী আভাই
আজি তোমাৰ সৌন্দৰ্য্যৰ পোহাৰ মেলাত
কেনেকৈ ব্যস্ত হৈ পৰিছে...
আৰু জানানে ?
কিমানজনে আজি তোমাৰ কথা সুধিছে
তোমাৰ খবৰ লৈছে !
শিক্ষণ, গৱেষণা, সম্প্ৰসাৰণৰ তিনি বিশাল সুঁতি সাৱটি তুমি এনেদৰেই বৈ ৰোৱা, আমাৰ বুকুৰ মাজত ...চিৰদিনলৈ
আজি তোমাৰ জন্মদিনত আমি যাছিলোঁ...
অলেখ শুভকামনা,
এনেদৰেই স্বপ্নোদ্যম উল্লাসৰ মাজেৰে
আকাশ ধিয়াই তুমি অনন্য হৈ ৰোৱা ।।
@মনোজ
Comments
Post a Comment