আক্ষেপ
ক্ৰমাৎ টুটি অহা উশাহটোৰ ছায়াত
এপলক ৰ’ব খোজো,
এয়াইটো শেষ নহয়
হ’ব কেনেকৈ ?
ক’লা হৈ পৰা সন্ধিয়াটোৰ আঁৰত
আজিও তোমাক বিচাৰো
পিছে তুমি যে তাত নাই,
আছে কেৱল নিস্তব্ধতা আৰু
জহি যাব খোজা এমুঠি পুৰণি কবিতা
নুমাব ধৰা উশাহটোৰ ছায়াত
এপলক জীয়াই চাব খোজো
জানোচা, মই আকৌ মই হ’ব পাৰো
শব্দহীনতাৰ পৰা এজাক বতাহলৈ...
নিৰ্বিবাদে ।
.
.
.মনোজ
Comments
Post a Comment