আকাশখনে খেপিয়াই
কি খেপিয়াই ফুৰিছিল আকাশখনে
অস্থিৰতা, কেৱল অস্থিৰতা ?
মুনিচুনিত, সেই পাৰভঙা নৈখনৰ সিপাৰে
মই দেখিছিলোঁ ----
এডাল জ্বলন্ত শলিতা,
খুপি-খুপি আকাশ বগাইছিল
মাজে-মাজে এক অদ্ভুত কঁপনি
যেন কোনোবা বন্দী গণিকাৰ কান্দোনৰ নাচোন ।
তাৰ পঁজাৰ ওপৰত গজিছিল
ছাইৰঙী এচপৰা মেঘ আৰু
ডেইপুৰি মৰা জোনৰ ঘিপমৰা এন্ধাৰ ;
এন্ধাৰৰ য’ত পোহৰ পৰিছিল ---
পোহৰৰ তাতেই সমাপ্তি
সুদূৰত মই কাণপাতি শুনিছিলোঁ,
নৈঃশব্দত বিলীন এজাক বতাহৰ গুণগুণনি ।
পিৰালিৰ গেন্ধালিয়ে জানো আনিব পাৰে
আশাৰ বতৰা ?
তথাপি ‛গন্ধসৰৈ’ৰ বাবে তাৰ অলীক কল্পনা !
আহিব নেকি আকৌ ‛কলহৰ কাণে ঢলা’ এজাক ?
শিয়ঁৰি উঠিল সি ।
গাঁওখনৰ মাজেৰে উৰিছিল, কোনোবা বিধবাৰ
বেঙেনাবুলীয়া তৰাফুল বছা এখন চাদৰ,
আহাৰমহীয়া পথাৰখনত ---
ফুলবোৰ এটি-এটিকৈ সৰিছিল
জুই নজ্বলা তাৰ ঘৰত তেতিয়া ৰাতি হৈছিল ।।
~ মনোজ
Comments
Post a Comment