অপ্ৰকাশ্য
শিল হৈ পৰা দুবাহুত মূৰ থৈ
আহিনৰ বতাহজাকে উচুপি উঠে,
এন্ধাৰত হিম হৈ ৰয় মোৰ উশাহ
কাঁইটীয়া গোলাপক হাতেৰে মোহাৰি
তেজৰ স্ফটিকেৰে বেদনাৰ জোখ লৈ
মোৰ সত্তাৰ উমান দিয়াৰ
আজি প্ৰয়োজন নাই ;
উশাহত প্ৰবিষ্ট মোৰ প্ৰত্যাশা
নিজক শূণ্যলৈ ঠেলি
নিজৰ বুলি ভবা সকলো পৰিহাৰ কৰি,
এটি সুন্দৰ প্ৰভাতত সাৰ পাব খোজো
নিৰ্বিঘ্নে, নিষ্কলুষ আৰু নিৰপৰাধভাৱে...
আজিও মুকলি আকাশৰ তলত পাৰ হয় দিন
আজিও অনাহাৰে কাটো ৰাতি,
সন্ধান কৰো প্ৰশান্তিৰ
নীৰৱতাৰ বাবে গঢ়ো আত্মগোপনতা,
কথা পাতো দুয়ো-দুয়োৰে
গীত গাও অনিশ্চয়তাৰ
ভগাই লওঁ উচুপণিবোৰ আৰু...
পোহৰত জানো আঘাতৰ ৰং দেখা যায় ?
পোহৰত জানো নিজক বিচাৰি পোৱা যায় ?
~ মনোজ
Comments
Post a Comment