অন্তহীন অপেক্ষা
সেইদিনা মই বুজা নাছিলোঁ ; সিহঁতে কিয় আঘোণৰ পথাৰখনলৈ একেথিৰে চাই ৰৈছিল । সিহঁতৰ চকুত জ্বলিছিল আবেলিৰ হেঙুলীয়াখিনিৰে বগুৱাবাই পথাৰৰ উত্যুঙ্গ বুকুত হেৰাই যাব খোজা তাহানিৰ অলেখ স্মৃতি । বতাহত উটি আহিছিল এটি তেনেই চিনাকি গোন্ধ । সিহঁতে ইজনে-সিজনলৈ চাইছিল আৰু দুহাত প্ৰসাৰিত কৰি আঁকোৱালি লৈছিল মনৰ কোঠালীত তোলপাৰ কৰা সেই অজস্ৰ মুহূৰ্তক । আৰম্ভণিৰ উৎস ক’ত ? ক’ত থমকিছিল সময় ....নৈৰ ঘাটত ? আঘোণৰ কোলাত ? নে অকালতে মৰহি যোৱা সন্তানৰ চেঁচা বুকুত ! কোনোবাই হাত বাউলি মাতিছে সিহঁতক । তামৰঙী আকাশখনৰ বুকুভেদী এজাক জ্বলন্ত কুকুহাৰ মৌন লয়লাস । সন্ধ্যাৰ ক’লা ছায়াই গিলিবলৈ ধৰা হেঙুলীয়াখিনি আজুৰি এতিয়া সিহঁতে অপেক্ষা কৰিছে । অপেক্ষা কৰিছে তিলফুলৰ বাগিচাত চিৰদিন হালি-জালি ৰ’বলৈ । অপেক্ষা....
Comments
Post a Comment