অভ্যস্ত

হুলস্থুলবোৰ আজিকালি ভাল লাগে
ভাল লাগে পুতিগন্ধ নিশাৰ ৰসাল কাহিনীবোৰ 
ভাল লাগে এন্ধাৰত বিচৰা ভৱিষ্যতৰ ছবিবোৰ ;
অভ্যস্ত মই,
অভ্যস্ত শুকান চকুবোৰত
অভ্যস্ত ধোঁৱাৰ লগত
অভ্যস্ত নিজৰ ৰণখনত ;
সুদূৰত মোৰ আপোনজন পানীত ককবকাইছে
আৰু ইয়াত মই যোৱাটো আহিনৰ কথা কৈছো,
অস্তিত্ব হেৰুৱা জামু জোপাৰ কথা কৈছো
সময় বেলেগ যদিও দুখবোৰ একেই ;
কত সপোনক ভৰিৰে মোহাৰি সন্মুখীন হৈছো সত্যৰ
কত আশাক বুকুত হেঁচুকি বিলীন হৈছো ধ্বংসত,
কিয় নাজানো, নীৰৱতা আজিকালি ভাল নালাগে
নীৰৱতাত প্ৰবোধ থাকে
নীৰৱতাত শংকা থাকে ....



@ মনোজ

Comments