স্মৃতিৰ কুঁৱলি ফালি

(খণ্ড-এক)

  'ককা....ককা ...ক'লৌ গ'লানো তুমি ককা ।' এইবুলি 'অম্লানে' ঘৰৰ ভিতৰতে এটা ৰূমৰ পৰা আন এটা ৰূমলৈ দৌৰি দৌৰি 'অনন্ত' ককাক'ক বিচাৰি ফুৰিছে । ককাকৰ অবিহনে সি এক মিনিটো থাকিব নোৱাৰে । এইখিনিতে কও যে, ' অনন্ত ককা মানে 'অনন্ত নাথ'। 'কাৱৈমাৰি ' গাৱৰে এজন বয়সস্থ চিন্তাশীল ব্যক্তি । গাৱৰ সকলোৱে তেওঁক সন্মান কৰে । ৰাইজৰ সকলো কাম-কাজতে তেওঁৰ অৱদান অতুলনীয় । ভাগৱত পাঠৰ পৰা আৰম্ভ কৰি সকলো ৰাজহুৱা আৰু ঘৰুৱা কামত তেওঁৰ উপস্থিতি অত্যাৱশ্যকীয় । মুঠতে বহু গুণৰ গৰাকী হ'ল 'অনন্ত' ককা । ককাৰ পুত্ৰ চাৰিজন । তাৰে দ্বিতীয়জন পুত্ৰ 'কাৰ্গীল'যুদ্ধত শ্বহীদ হ'ল । ডাঙৰ লৰাজনে ঘৰৰ পৰা চল্লিশ কি.মি মান নিলগত অৱস্হিত এখন মধ্য ইংৰাজী বিদ্যালয়ত 'বিজ্ঞান'ৰ শিক্ষক হিচাপে নিযুক্তি পায় । বাকী দুজন পুত্ৰইও ক্ৰমান্বয়ে 'ইণ্ডিয়ান আৰ্মি'ত যোগদান কৰে । এতিয়া সকলোৱে গাৱৰ ঘৰটোতে মিলিজুলি বসবাস কৰে । 'ইণ্ডিয়ান আৰ্মি'ত যোগদান কৰা দুজন পুত্ৰ বেছিভাগ সময় চাকৰি কৰা ঠাইতে থাকিবলগীয়া হয় । মাজে মাজে সিহঁতো ঘৰলৈ আহি থাকে । নিজ পুত্ৰৰ পৰা যি আশা কৰিছিল ককাই সকলোখিনিয়েই পাইছে । 'অম্লান' ককাৰ ডাঙৰ নাতি । সাত বছৰ মান বয়স এতিয়া তাৰ । সি ককাকৰ পিছ নেৰেই । বেলেগ কথা একো নাই । কেৱল এটাই ঠেহ যে ককাকে তাক সাধু শুনাব লাগে । সি তাৰ আইতাককো সাৰি যাব নিদিয়ে । যদিও ককাকৰ পিছত বেছিকৈয়ে লাগি থাকে । ককাকটোৱে তাৰ বাবেনো কি যে কি কৰিবলগীয়া হয় । ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱাৰ আগমূহুৰ্তলৈকে কিমানটা যে অনুৰোধ ককাকে মানিবলগীয়া হয় তাৰ লেখ জোখ নাই ।
        শীতকালিৰ এটা সন্ধিয়া । আগৰ দিনাৰ দৰে সাধু শুনিবৰ বাবে সি ককাকক বিচাৰি ফুৰিছে । ককাক আছে ইপিনে জুইশালত । তাৰ চিঞৰ শুনি ককাকে মাত লগালে, ' অ' দেহা , মই জুইশালতে আছো ।' ককাকৰ মাত শুনি সি একে দৌৰে গৈ ককাকৰ ওচৰত বহিলগৈ আৰু ক'লে,' ককা , আজি তুমি মোক মাছৰ কাহিনী শুনাব লাগিব ।' তাৰ দাবীত ককাকে না কৰিব নোৱাৰিলে । 'হ'ব সোণ , মই তোমাক আজি মাছৰ সচা কাহিনী শুনাম ,' ককাকে ক'লে । তাৰ মনতো আনন্দ আৰু উৎসুকতাৰে ভৰি পৰিল ।
 
      ************

   (খণ্ড -দুই)


     ককাই ক'বলৈ ল'লে,' আজিৰ পৰা পোন্ধৰ-বিশ বছৰমান আগতে মানে দেকা বয়সত আমাৰ মাছ ধৰাৰ বৰ চখ আছিল । মাঘ বিহুৰ উৰুকাত গাঁৱৰ সকলোৱে প'ল', জাললৈ নদীত মাছ ধৰিব যাও । উৰুকাদিনা দোকমোকালিতে শুৱাৰ পৰা উঠি তোৰ আইতাই যতাই দিয়া চাহ -জলপান খাই নদীত মাছ ধৰিব যোৱাৰ কথা এতিয়াও মনত আছে । সকলোৱে মিলিজুলি নদীত মাছ ধৰাৰ পৰিবেশ অতি মনোৰম । উৎসৱমূখৰ পৰিৱেশ এটাৰ সৃষ্টি হয় । তাতে যদি আকৌ কোনোবাই ডাঙৰ মাছ পায় ,তাৰ জয়ধ্বনিত গোটেই গাওঁখনে গম পাই যায় যে নিশ্চয় কোনোবাই ডাঙৰ মাছ পাইছে।এতিয়া বজাৰত লোকেল মাছৰ দাম শুনিলেই ভয় লাগে । আমি এটা সময়ত নাখাই পেলাই দিয়া তোৰা ,বতিয়া,তিঙৰা মাছ পাবলৈয়ে নাই । বজাৰত পালেও জুই-ছাই দাম । এতিয়া এইবোৰ ভাবিলে সপোন সপোন লাগে । আমি তেতিয়া যিমান মাছ খাইছিলো, তহতে খোৱাটো বাদেই দেখিয়েই পোৱা নাই ।' ' বাহ : , ইমান মাছ আছিল ককা ,' অম্লান আচৰিত হৈ সুধিলে ।
 
         ককাই কৈ গ'ল,'ৰাজহুৱাভাৱে ধৰা মাছবোৰ নামঘৰৰ বাকৰিত দ'ম কৰি থোৱা হৈছিল । তাৰ পিছত গাঁৱৰ প্ৰতিঘৰ মানুহক ভগাই দিয়া হৈছিল । সেই মাছৰ দ'ম দেখিলেতো তহত অবাক হ'বি । অগনন মাছ । মাছ এগাল ধৰি আনিলেই আইতাইৰাই খঙ কৰিছিল । মাছ ৰান্ধি ৰান্ধি ভাগৰি গৈছিল । কিন্তু এতিয়া আগৰ নিচিনা মাছ খাবও নোপোৱা হ'লো আৰু দেখিবও নাইকিয়া হ'ল ।তহঁতৰ বাবে এইবোৰ এতিয়া একো একোটা কাহিনীহে মাথো ।

        ***********

    (খণ্ড -তিনি )


       এনেকৈ ককাকে মাছৰ কাহিনী কৈই থাকোতেই খুন্দনাত তামোল খুন্দি খুন্দি আইতাকে মাত লগালে ,' বোপা অম্লান, ককাই আজি হ'বলা তোমাক মাছৰ কাহিনী কৈ আছে । কিন্তু মই আজি তোমাক 'বাঘ'ৰ কাহিনীহে ক'ম বুলি ভাবি আছিলো ।' বাঘৰ কাহিনী ক'ম বুলি কোৱা শুনি একেজাঁপে সি আইতাকৰ কোলাত বহিলগৈ আৰু ক'লে, ' কোৱা আইতা । কি বাঘৰ কাহিনী ।'
        আইতাকে ক'বলৈ ধৰিলে, 'আগতে আমাৰ গাওঁখন ঘন হাবি- জঙ্ঘলেৰে ভৰি আছিল । এই জঙ্ঘলবোৰতে বহুত বাঘে বাস কৰিছিল । গোহালিৰ গৰু -ছাগলী নিবলৈ বাঘে সন্ধিয়াতে জুপি থাকিছিল । আমাৰ কিমান যে গৰু পোৱালী বাঘে খাইছিল তাৰ হিচাপেই নাই । এবাৰ আমাৰ বগী গাই এজনীৰ ফুটুকীয়া ছেউৰী পোৱালী এজনী জগিছিল । দেখিবলৈ বৰ মৰমলগা আছিল পোৱালীজনী । মাকৰ লগে লগে একো বিপদ নোহোৱাকৈ দিনটো তাই চৰিয়েই থাকিল । সন্ধিয়া সময়ত পদূলিৰে বনখিনি চোবাওক বুলি মাকক খুটি মাৰি দিলো । পোৱালিজনীও মাকৰ ওচৰতে চৰি আছে । তৎমূহুৰ্ততে ওফাল মাৰি পোৱালিজনী ৰাস্তাৰ কাষতে থকা পুখুৰীটোৰ পাৰ পালেগৈ । কোনেও জনা নাছিল যে সেই পুখুৰীটোৰ পাৰতে ঢেকীয়াপতিয়া এটাই জুপা লৈ আছিল । একেজাঁপে সি পোৱালীজনীৰ দিঙিত কামোৰ মাৰি ধৰিলেহি । মাকক খুটি দি থোৱাৰ বাবে একো কৰিব নোৱাৰিলে । গাইজনীৰ মূখৰ শব্দ শুনি আমি ওলাই আহিলো । কিন্তু তেতিয়ালে বাঘে তাইক চুচৰাই জঙ্ঘল পোৱালেগৈ । পিছদিনাখন বাঘে ক'তনো খালে বিচাৰি গৈ দেখো পোৱালীজনীৰ ভৰিৰ খূৰা এটাৰহে অৱশিষ্ট আছে । গাই জনীক ৰাখিব নোৱাৰি ককাই দেওবৰীয়া গৰু বজাৰ খনত তাইক বেছি থৈ আহিলগৈ ।
         এদিন এটা ডাঙৰ ঘটনা শুনিবলৈ পালো । ঘটনাটো ওচৰৰ গাঁও এখনৰ । সেই গাৱৰে মানুহ এজন পথাৰলৈ গৰু চৰাবলৈ যাওতে এটা নাহৰফুটুকী বাঘৰ বলি হৈছিল । বাঘে মানুহ মৰা বুলি গম পাই ৰাইজ সতৰ্ক হ'ল । সেই নৰখাদকটোক মাৰিবৰ বাবে আমাৰ গাৱৰ মহাজনলৈ খবৰ পঠালে । মহাজনে বন্দুকৰে বাঘ মাৰিবৰ বাবে হাতীৰ সৈতে লগুৱা পঠালে । তাৰ পিছত বহুত সময় বিচাৰি বিচাৰি গুলিৰে বাঘটো মাৰিব সক্ষম হ'ল ।তাৰ পিছত বৰগঞা ৰাইজে জঙ্ঘল কাটি সাতদিন সাতৰাতি নাম প্ৰসঙ্গ কৰাৰ পাছত হে বাঘৰ সংখ্যা গাঁৱত কমিব ধৰিলে । '
       কাহিনী শুনি শুনি আইতাকৰ কোলাতে অম্লান টোপনি গ'ল । আইতাকে তাক বিচনাত শুৱাই থৈ আহিল ।তাৰ পিছত দুয়ো ককা আইতাই অতীতৰ স্মৃতিবোৰ ৰোমন্থন কৰিব ল'লে ।

      @ মনোজ

Comments