শুভ্ৰৰ খেলা

আগুৱাই গৈছে ...
  মাথো আগুৱাইছে...
শুভ্ৰবলাকাৰ ডাঁৱৰবোৰ,
  বিস্তাৰ ঘটিছে চৌদিশে ,
আৰু আলিঙ্গন কৰিছে ..
  বিশাল পাহাৰটোৰ সৈতে ;

তৎমূহুৰ্ততে এই বিশালতা
আংশিকভাৱে হৈ পৰিছে শুভ্ৰ
   আৰু এই আংশিকতা
কেতিয়াবা হৈ পৰিছে পূৰ্ণ ;

কি এয়া ..?
  এয়া দেখোন এক
    অনন্য খেলা ;
হয় , ঠিকেই;
এই খেলাৰ অংশীদাৰ
আন কোনো নহয়
শুভ্ৰতা আৰু বিশালতাৰ
এক অনন্য সমাহাৰ ।

কিন্তু; এয়া
    আলিঙ্গন নে ত্যাগ ?
      ক'ব পাৰিম জানো
      যে এয়া কেৱল
        আলিঙ্গনৰেই প্ৰকাশ?
কাৰণ দূৰন্তৰ পৰা জানো
    কৰিব পাৰিম ভেদ
        এই ৰহস্যৰ অন্ত ?
কি ভাবা
   আচলতে এয়া
     কিহৰ প্ৰকাশ ;
'মিলন নে বিচ্ছেদ ?'

আচলতে শুভ্ৰতাৰ ই এক
      গম্ভীৰ চুক্তি
যি চুক্তিৰ প্ৰকাশে
      নিগৰাব পাৰে
এক অনাবিল সুখ
         অন্যথা
ঢালি দিব পাৰে এক
      অবুজ বেদনা ;

ভাবানে?
     এই চুক্তিয়ে নিগৰাব
       এক অনাবিল সুখ?
কিন্তু,
  বিশাল পাহাৰটোৰ বুকুয়েদি
  বৈ অহা নৈ খনিলৈ যদি চাঁও
তেন্তে,
  ক'ব পাৰিবা নে যে
    এই চুক্তি কেৱল
      সুখৰেই প্ৰকাশ?


@ মনোজ

Comments