স্মৃতিবোৰ

-এক-

    হয় , অষ্টম মান শ্ৰেণীত থাকোতেই হয় । ছাৰ ক্লাছলৈ আহিছিল । বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল ছাৰ । ক্লাছত সাধাৰণতে বহুত কমেই আহিছিল । হঠাৎ সেইদিনা ক্লাছত সোমাইছিল ছাৰ । সকলোৱে ছাৰক ভয় কৰিছিলো । ছাৰ সন্মুখত আহিলেই বুকু কঁপি গৈছিল । ক্লাছত সোমাইয়েই ছাৰে মোক পোনপটীয়াকৈ সুধিলে, ' আজিৰ উপস্থিতি কিমান ?' মইয়ো ঘপকৈ কৈ দিলো,' আজি জোখা নাই ছাৰ ।' ছাৰে মোক মূৰ্খ বুলি কৈ বহিব দিলে । মই বুজি নাপালো,  ছাৰে কিয় তেনেকৈ ক'লে । অলপ সময় কিবা এটা পাঠ পঢ়োৱাৰ পাছত ছাৰ ক্লাছৰ পৰা গ'ল । জিৰণিৰ পিছত বেলেগ এজন ছাৰে পঢ়াই থাকোঁতে হেড ছাৰ আকৌ আহিল । তেওঁ ক'লে ,' এই ক্লাছত মূৰ্খ এটা আছে ।' পঢ়াই থকা ছাৰজনে সুধিলে, ' কোন মূৰ্খ অ' ।' তেতিয়া মই উঠিলো । ছাৰে তেতিয়া মোৰ ভুলটো ক'লে যে উপস্থিতি 'জোখা' নহয় , ' গননা'হে কৰা হয় । তেতিয়াহে মই বুজিলো যে ছাৰে মোক কিয় মূৰ্খ বুলিছিল । সেইদিনাই মই কিবা এটা কোৱাৰ আগত যে ভাবি গুণি ক'ব লাগে তাৰ এটা ভাল শিক্ষা পাইছিলো । এনেকুৱাই সৰু সৰু ভূল ক্ৰটিবোৰ আঙুলিয়াই দিয়া ছাৰজনেই আছিল 'কমল চন্দ্ৰ নাথ ' ছাৰ ।।


-দুই -


     তেতিয়া ষষ্ঠ শ্ৰেণীত মই । খণ্ড পৰ্য্যায়ত অনুস্ঠিত হোৱা 'বিজ্ঞান আৰু গণিত' মেলাত গীত-মাতৰ প্ৰতিযোগিতা এখনিও আয়োজন কৰিছিল । আমাৰ বিদ্যালয়ৰ পৰা মই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো । 'জুবিন দা'ৰ 'ৰুমাল' গীতটি গালো । গীতটি গোৱাৰ পাছত ক'ৰবাৰ পৰা 'কমল ছাৰ' আহি মোৰ কান্ধত হাত ৰাখি মোক ছাব্বাছি দিলে আৰু মোক চাহ খোৱাবলৈ লৈ গ'ল । ছাৰৰ এই মৰম মই কেতিয়াও নাপাহৰো ।।

   (আগলৈ.....)


@ মনোজ

Comments