এমুঠি হাঁহি
এপলক হ'লেও তাইক মই চাওয়েই । এনেকুৱা লাগে যেন এক আকৰ্ষণ শক্তিৰ মাজত হে মই সোমাই পৰিছো । প্ৰথম যেতিয়া তাইক দেখিছিলো, এনে অনুভৱ হৈছিল যে মোৰ পূৰণি বাস্তৱায়িত নোহোৱা স্বপ্নৰ পূৰ্ণ হোৱাৰ সময় সমাগত হৈছিল । তাইৰ গহীনতাই মোৰ তাইৰ প্ৰতি থকা হেঁপাহ দুগুণে বৃদ্ধি কৰাইছিল । তাইৰ এই গহীনতাৰ মাজেৰে যেতিয়া এটি হাঁহি বিৰিঙি উঠে ,মোৰ হৃদয়ৰ এটা অলিন্দৰ পৰা আনটোলৈ ৰক্তৰ এক প্ৰবল তৰংগাঘাতৰ সৃষ্টি হয় । কিন্তু, কিছুমান মানিবলগীয়া সত্যই মোৰ হৃদয়ৰ অজান ঢৌ বোৰৰ প্ৰবলতা কিছু মন্হৰ কৰি তুলিছিল । তথাপিও আজি দৃঢ় মোৰ হেঁপাহ,মোৰ জাগ্ৰত অনুভূতি বোৰ । সময় গতিশীল আৰু তাৰ লগত সলনি হয় পৰিবেশ-পৰিস্হিতি । সময় কাৰোবাবে ৰৈ নাথাকে যদিও আশাবোৰ নিমিষতে ছাই হৈ নাযায় । আৰু এতিয়া মই কেনেকৈ সময় অতিবাহিত কৰো জানা? কিহৰ অপেক্ষাত থাকো জানা? ..'এটি হাঁহি'ৰ । তাইৰ এই হাঁহিৰ মাজেৰে নিগৰি উলোৱা কথাবোৰ ,হাহিঁৰে জিলিকি পৰা ডালিমগুটীয়া দাঁত কেইটা আৰু হঠাৎ পিছফালে ঘূৰি চোৱা আৰু চকুত চকু পৰা অৱস্হা ; এই মূহুৰ্তবোৰৰ বাবেই হয়তো সজীৱ হৈ উঠে মোৰ সেতা পৰিব লোৱা
মনটো ,অনুভূতিবোৰ । এইবোৰৰ মাজতেই হয়তো আজি মই নিহিত । সন্ধান মাথো এটি ৰঙীন আশাভৰা স্বপ্নৰ । এদিন দোহাৰি যাম সকলোবোৰ । বিচৰাটো পাম বুলিও নহয় মই নিশ্চিত আৰু নহও । কেৱল পাতলাম মোৰ হৃদয়ৰ গধুৰতা ।।
@ মনোজ
মনটো ,অনুভূতিবোৰ । এইবোৰৰ মাজতেই হয়তো আজি মই নিহিত । সন্ধান মাথো এটি ৰঙীন আশাভৰা স্বপ্নৰ । এদিন দোহাৰি যাম সকলোবোৰ । বিচৰাটো পাম বুলিও নহয় মই নিশ্চিত আৰু নহও । কেৱল পাতলাম মোৰ হৃদয়ৰ গধুৰতা ।।
@ মনোজ
Comments
Post a Comment