মুকুতাৰ সন্ধানত (খণ্ড-এক)

পুৱা প্ৰায় 7.00 মানেই বাজিল । গুৱাহাটী অভিমূখে যোৱা পেছেঞ্জাৰ ট্ৰেইনখনো ষ্টেচনটো পাবৰে সময় হ'লহি । লাহে লাহে মানুহৰ ভীৰো বাঢ়ি আহিল । আগৰ দিনাৰ দৰে আজিও 'অসীম'ৰ আহি পোৱা ঠিক পলমেই হ'ল । সদায় কোনোমতেহে সি ট্ৰেইনখনত উঠিবলৈ পায়হি । পলম নহ'বনো কিয়? নগাওঁ জিলাৰ এখন ভিতৰুৱা গাঁৱত অসীমৰ ঘৰ । গাওঁখনৰ পৰা ষ্টেচনটো প্ৰায় 20 কি.মি মান নিলগত অৱস্হিত । বহুত লাগি লাগি কোনোমতে গুৱাহাটীত 'সাংবাদিকতা'ৰ চাকৰিটোত সি নিযুক্তি পাবলৈ সক্ষম হৈছে । অকলশৰীয়া
অসুখীয়া মাকজনীক এৰিও সি গুৱাহাটীত থাকিব নোৱাৰে । সেয়েহে ৰাতিপুৱা ঘৰৰ সকলোখিনি কাম কৰি ষ্টেচনটো আহি পোৱালৈ তাৰ পলমেই হয় । মাকে তাৰ কষ্ট সহ্য কৰিব নোৱাৰি বাৰুকৈ তাক বিয়াখন পতাৰ কথা কয় । সি হে এই বিষয়ে বৰ বিশেষ কানসাৰ নিদিয়ে ।
   
      ইতিমধ্যে ট্ৰেইনখনো আহি  ষ্টেচনটো পালেহি । দৌৰা দৌৰি, ঠেলা হেঁচাৰে মানুহবোৰ ট্ৰেইনত উঠিব ল'লে । সি ও কোনোমতে ট্ৰেইনখনত উঠি খিৰিকিৰ কাষৰ ছিটটোত বহি ল'লে । সাংবাদিক হোৱাৰ সপোনটো সি সৰুৰে পৰাই পুহি ৰাখিছিল । সৰুতে যেতিয়া দেউতাকৰ মুখেৰে দেশৰ বিভিন্ন জলন্ত সমস্যাৰ কথা শুনিবলৈ পাইছিল আৰু সেইবোৰৰ সমাধানৰ বাবে  বছৰ বছৰ ধৰিও চৰকাৰে কোনো ব্যৱস্থা নোলোৱাৰ কথা শুনিছিল ; তেতিয়াৰ পৰাই অসীমে জনগণৰ হৈ মাত মতাৰ লক্ষ্য মনতে বান্ধি লৈছিল । আৰু এনে এখন বাতৰিকাকত প্ৰকাশৰ সপোন দেখিছিল যিয়ে নিস্বাৰ্থভাৱে দুখীয়াৰ হকে ,দেশৰ শোষিত -নিপীড়িত শ্ৰেণীৰ হৈ এপাত অস্ত্ৰ হিচাপে কাম কৰিব পাৰে । যিয়ে জাতীয়তাবাদৰ উত্তৰণ ঘটাব পাৰে । এই লক্ষ্য আগত ৰাখিয়েই আৰম্ভ হয় 'অসীম'ৰ প্ৰত্যেক দিনাৰ যাত্ৰা । লক্ষ্যৰ সন্ধানত কৰা এই যাত্ৰাৰ শেষ বা ক'ত সি নাজানে । কিন্তু; সি যে এদিন সফল হ'ব , তাত সি নিশ্চিত ।  মনত নানা কথাৰ জোৱাৰ তুলি সি সদায় দৌৰে সেই ট্ৰেইনখনলৈ । হঠাতে ট্ৰেইনখনৰ দ্ৰুতি মন্হৰ হৈ আহিল । মনৰ ভাৱবোৰৰ পৰা কিছু সময় সি বাহিৰলৈ ওলাই আহিল । লাহে লাহে ট্ৰেইনখন আগৰ ষ্টেচনটোত ৰ'লহি । পুণৰ মানুহৰ ঠেলা- হেঁচাৰ সৃষ্টি হ'ল ।  তেনেতে ফটা-ছিটা কাপোৰ পিন্ধা, নিস্তেজ সৰু ল'ৰা এটাই হাতত কেইখনমান বাতৰিকাকত লৈ ট্ৰেইনৰ এটা দবাৰ পৰা আনটো দবালৈ অহা যোৱা কৰি থকা সি  দেখা পালে ।  কিন্তু, তালৈ কোনেও মন দিয়া দেখা ন'গল । সকলো মানুহ কেৱল নিজৰ মাজতেই ব্যস্ত । 'অসীমে' ছিটৰ পৰা উঠি গৈ লৰাটোৰ পৰা এখন বাতৰিকাকত কিনিলে । ল'ৰাটোৰ মূখত সন্তুষ্টিৰ হাঁহি এটা বিৰিঙি উঠিল । সি ল'ৰাটোক তাৰ ঘৰ ক'ত সুধিলে । সি উত্তৰত ইয়াৰ আগৰ ষ্টেচনটোৰ কাষতে থকা এটা 'বস্তি'ত বুলি ক'লে । এইবুলি কৈ সি গুচি গ'ল । অসীম আকৌ নিজৰ ছিটত বহি পৰিল ।এজাক চেঁচা বতাহে তাক চুই গ'ল । সি পুণৰ ভাৱত বিহ্বল হৈ পৰিল । বাতৰিকাকত খন মেলি চাইও সেই একেসোপা খবৰকেই দেখা পালে । সেই দুখীয়া মানুহখিনিৰ হৈ লিখা এজনো নোলাল । আছে যদিও মাত্ৰ  দুই এখন ফটোগ্ৰাফ কাকতখনৰ এচুকত দেখা পোৱা যায় । সদায় এনেকৈ থাকিলেতো নহ'ব । সি এই লোকসকলৰ হৈ মাত মাতিবই লাগিব । সেই সময় আহি গৈছে । সি কল্পনা কৰিব ল'লে সেই বাতৰিকাকত বেছি ফূৰা ল'ৰাটোৰ জীৱন যে কিমান সংঘৰ্ষ পূৰ্ণ । সেই বস্তি এলেকাৰ মানুহখিনিৰ জীৱন কেনে দুখদায়ক । এটা দিনৰ আৰম্ভণিৰ লগে লগে সিহঁত কিদৰে সাজু হ'ব লাগে সংঘৰ্ষৰ বাবে । সিহঁতে আচলতে  কিয় বঞ্চিত হৈ থাকিবলগীয়া হৈছে প্ৰয়োজনীয় খিনিৰ পৰা । এনেকুৱা হেজাৰ প্ৰশ্নই 'অসীম'ৰ মনটো তোলপাৰ লগাব ল'লে । সি বস্তিৰ মানুহখিনিৰ দূখবোৰ জানিব খোজে । প্ৰকাশ কৰিব খোজে সেই জাবৰৰ দ'মৰ মাজত লুকাই থকা কাহিনীবোৰ । লিখিব খোজে জাবৰৰ দ'মত পৰি ৰোৱা অনাথ শিশুৰ আৰ্তনাদ । সি আৰু ধৈৰ্য্য ধৰিব নোৱাৰে । চাই থাকিব নোৱাৰে এই মানুহখিনিৰ দুৰ্দশা । কোনোবা আগবাঢ়ি আহক বা নাহক , সি কিন্তু আৰু চাই থকাত নাই । সি যাবই সেই মানুহখিনিৰ মাজলৈ আৰু প্ৰকাশ কৰিব সিহঁতৰ প্ৰতিটো সমস্যা । আৰু সেইবোৰ সমাধানৰ বাবে যৎপৰোনাস্তি চেষ্টা আগবঢ়াব ।
          পিছৰ ষ্টেচনটো আহি পোৱাত ট্ৰেইনৰ গতি পুণৰ মন্থৰ  হৈ পৰিল । অসীমে ট্ৰেইনৰ পৰা নামিলে আৰু সেই বস্তিটোৰ অভিমূখে গতি কৰিলে ....।

 @ মনোজ

Comments