সেই ' হাছনাহানা ' ৰাতি

   মোৰ হৃদয় ফুলনিত এপাহ হাছনাহানা ফুলিছিল । লৈ আনিছিল ৰঙালীৰ বতৰা । হাছনাহানাৰ সুবাসে বাৰুকৈ মতলীয়া কৰি তুলিছিল মোক । কি যে অপূৰ্ব, মোহনীয় আছিল বসন্তৰ সেই নিশাটি । জাগি উঠিছিল মোৰ প্ৰেমিক মন । চকুত নাছিল কোনো নিদ্ৰাৰ ভাৰ । এটি উজাগৰী নিশা । একমাত্ৰ বিলীন হৈ পৰিছিলোঁ সেই অপূৰ্ব সুবাসত আৰু মাতাল হৈ পৰিছিলোঁ ৰঙালীৰ ৰঙত । এফালে হাছনাহানাৰ সুবাস আৰু আনফালে আছিল জোনাকীৰ মাদকতা ! আকুল বিকুল হৈ পৰিছিল মোৰ মন । উৰা মাৰিব মন গৈছিল জোনাকীৰ দেশলৈ । বিলাই দিব মন গৈছিল এধানি সুবাস , জ্যোৎস্না আৰু তৰাবোৰৰ গভীৰ বাৰ্তালাপৰ মাজত । কিমান যে হেঁপাহত ফুলিছিল সেই আলফুলিয়া হাছনাহানা । কিন্তু, সময়ৰ নিষ্ঠুৰ হাতোৰাত আজি মৰহি গ'ল । একোকে কৰিব নোৱাৰিলোঁ মই । ব্যৰ্থ হ'লো মই । এয়াই আছিল জানো মোৰ আশাৰ মাদকতা ! এয়াই আছিল নেকি মোৰ যৌৱনৰ প্ৰাচুৰ্যতা । হয় , মৰহি গৈছে মোৰ হৃদয় ফুলনিৰ সেই হাছনাহানা ,কিন্তু সেই সুবাস মোৰ শিৰে শিৰে আজিও প্ৰবাহিত । মোৰ হৃদয় এতিয়া এখন আকাশৰ দৰে । দুচকুত অহৰহ দুটুপাল অশ্ৰুৰ আভাস । আৰু..আৰু কাৰুণ্যৰ ভাৰ বোৱা এমুঠি জোনাকৰ প্ৰকাশ ...।।


~ মনোজ / @bemyscript

Comments