নিয়ৰ আৰু স্নিগ্ধা
নিয়ৰ আৰু স্নিগ্ধা ; মধুৰ অনুভূতিৰ এক প্ৰতিফলন । দুখন নিভাঁজ হৃদয় বিলীন হোৱাত কোনে বাধা দিব পাৰে ! আজি সকলো অভিমান , মনৰ সকলো দোমোজাৰ অন্ত পেলাই দুয়ো চিৰদিনৰ লগৰী হ'বলৈ প্ৰতিশ্ৰুতিবদ্ধ । প্ৰথমবাৰৰ বাবে আজি নিয়ৰ স্নিগ্ধাৰ ঘৰলৈ আহিছে । আৰু স্নিগ্ধা অতি হেঁপাহেৰে বাট চাই ৰৈছে নিয়ৰলৈ । তাইৰ বাবে নিয়ৰ শান্ত শৰতৰ আবেলিৰ এক চেঁচা অনুভূতি আৰু স্নিগ্ধা সেই সুবাস যিয়ে তাক জীয়াই থকাৰ সাহস দিয়ে ....
....নিয়ৰ এতিয়াও আহি নাপালেহি যে .....মই তাক সোনকালে আহিব কৈছিলোঁ ....ফোন এটাকে কৰোঁ ...
Hello , নিয়ৰ ...
অ' স্নিগ্ধা
আৰু কিমান অপেক্ষা কৰাবা..
স্নিগ্ধা, চিন্তা নকৰিবা , আমি গৈয়েই আছোঁ ...চাহ একাপকে খাওঁ বুলি ৰাস্তাৰ কাষৰ কেফে' এখনত সোমাইছোঁ ....
ঠিক আছে , আহা সোনকালে ...
জীৱনৰ এনে বহু মধুৰ স্মৃতি থাকে , যাৰ সহায়ত জীৱনৰ কঠিন সময়তো বাট বুলিবলৈ সহজ হৈ পৰে ! নিয়ৰ আৰু স্নিগ্ধাৰ তেনে এটি স্মৃতিৰ অধ্যায় আজি আপোনালোকৰ আগত মুকলি কৰিব আহিছোঁ ! বলকচোন , সেই মধুৰ অনুভূতিৰ মাজত বিলীন হৈ পৰো ....
#গান
অভিমানৰ ভেটাভাঙি আজি তুমি মোৰ হোৱা
নিজানৰে বৰষুণে কৈ যায় তোমাৰেই বতৰা
অসীমৰ পক্ষীকূলে দি যায় এটি সুৰ সুৰীয়া
নিবিড় মৰম দুচকুতে
তুমি মোৰ সপোনৰ কবিতা
Comments
Post a Comment