নদীখন মৰি গ’ল

 নদীখন মৰি গ’ল । নদীখনৰ সিপাৰৰ পৰা অনবৰতে অহা চিঞৰবোৰ আজি নোহোৱা হ’ল । সেই আঁহতজোপাৰ তলত নিৰ্জন দুপৰীয়াটোৰ কোলাত মূৰ থৈ ঘাটেজনে গোৱা ‛ৰাণাদা'ৰ গীতৰ কলিটি আজি হেৰাই গ’ল । তেওঁৰ মাতটো কঁপিছিল যদিও, সুৰত অলপ বেছিকৈ প্ৰাণ ঢালি গাইছিল, ‛মোৰ এই নাও...মাথোঁ বাই যাওঁ...পাৰ দেখোঁ নাই...।’ মৰা নৈখনৰ বোকাময় বুকুখন নুৰিয়াই আজি সন্তৰ্পণে পৰি আছে শেলুৱৈ ধৰা নাওখন । বহুযুগৰ ভাগৰ যেন একেদিনাই নোহোৱা কৰিবৰ মন । নদীৰ পাৰৰ বনবিৰিণা, কঁহুৱাৰ কোমল স্পৰ্শই বতাহছাটিৰ সৈতে সৃষ্টি কৰা সুৰৰ কল্লোল...‛আজি ক’ত হেৰাই গ’ল ?’ মন জুৰোৱা শীতল বতাহছাটিও দেখোন আজি হৈ পৰিল কঠোৰ ! কিয় ? কি অভিমানত ? এহাল টিপচীয়ে এডোঙা পানীত নিজকে ধুই-পখালি পৰিষ্কাৰ কৰাৰ দৰে মইও বিচাৰিছোঁ নেকি, এৰি অহা জীৱনত কেতিয়াও নোপোৱা আশাৰ এচলো ৰং ! তেনেহ’লে এই মৰি যোৱা নদীখনৰ পাৰত বহি মই বিচাৰিছোঁ কি ? মোৰ প্ৰতিচ্ছবি ? মোৰ নিথৰ দেহৰ প্ৰতিচ্ছবি ? বতাহৰ আঘাতত দূৰণিৰ বাঁহনিডৰা বৰকৈ কঁপিছে । বাঁহৰ ঘৰ্ষণে সৃষ্টি কৰা শব্দটো মোৰ এনে লাগিছে যেন আইৰ শোকবিহ্বল বুকুখন ভেদি বৈ আহিছে এখনি নৈ । এখনি জীয়া নৈ । য’ত সপোনবোৰে আকৌ ধপ্ ধপাব । অস্তগামী সুৰুযেও আজি নদীখনৰ সৈতে ঠেঁহ পাতিছে । বেলিটিয়ে আন নহ’লেও এই নদীৰ পানীতেইটো তুলিছিল পোহৰৰ অপূৰ্ব চিকমিকণি । মোলৈ কেৰাহিকৈ চাই সৌ এজাৰৰ হাবিখনৰ কাষেৰে বেলিটি নিঃশব্দে আঁতৰি গ’ল । আঘোণৰ পথাৰখনেও ৰং সলালে । বুঢ়া মানুহজনৰ খোজৰ তালত নৃত্যৰতা ডাঙৰিবোৰো পশ্চিমৰ এটি আলিবাটেৰে নোহোৱা হ’ল । নদীখন এতিয়াও তেনেকৈয়ে থাকিল । কোনো সাৰ-সুৰ নাই । সঁচাকৈয়ে নদীখন মৰি গ’ল । 



@মনোজ

Comments