অভ্যস্ত
হুলস্থুলবোৰ আজিকালি ভাল লাগে ভাল লাগে পুতিগন্ধ নিশাৰ ৰসাল কাহিনীবোৰ ভাল লাগে এন্ধাৰত বিচৰা ভৱিষ্যতৰ ছবিবোৰ ; অভ্যস্ত মই, অভ্যস্ত শুকান চকুবোৰত অভ্যস্ত ধোঁৱাৰ লগত অভ্যস্ত নিজৰ ৰণখনত ; সুদূৰত মোৰ আপোনজন পানীত ককবকাইছে আৰু ইয়াত মই যোৱাটো আহিনৰ কথা কৈছো, অস্তিত্ব হেৰুৱা জামু জোপাৰ কথা কৈছো সময় বেলেগ যদিও দুখবোৰ একেই ; কত সপোনক ভৰিৰে মোহাৰি সন্মুখীন হৈছো সত্যৰ কত আশাক বুকুত হেঁচুকি বিলীন হৈছো ধ্বংসত, কিয় নাজানো, নীৰৱতা আজিকালি ভাল নালাগে নীৰৱতাত প্ৰবোধ থাকে নীৰৱতাত শংকা থাকে .... @ মনোজ